পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯ ( পঞ্চম ভাগ সংঘ প্ৰথম অধ্যায় -কাৰ্যপালিকা ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি ৫২ ভাৰতৰ এজন ৰাষ্ট্ৰপতি থাকিব। ভাৰতৰ ৰাষ্ট্ৰপতি। ৫৩ (১) সংঘৰ কাৰ্যপালিকা ক্ষমতা ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত হব আৰ এই সংবিধান সংঘৰ অনুসাৰে তেওঁৰ দ্বাৰা পোনপটীয়াকৈ বা তেওঁৰ অধীনস্থ পদাধিকাৰী সকলৰ জৰিয়তে এই কাৰ্যপালিকা ক্ষমতা প্ৰয়োগ হ'ব। ক্ষমতা। (২) পূৰ্ববৰ্তী উপবন্ধৰ ব্যাপকতাৰ ওপৰত কোনো প্ৰতিকূল প্ৰভাব নপৰাকৈ সংঘৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বোচ্চ সমাদেশ ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত হ'ব আৰু তাৰ প্ৰয়োগ বিধিৰ দ্বাৰাই বিনিয়মিত হ'ব। (৩) এই অনুচ্ছেদত থকা কোনো কথাই - (ক) কোনো বৰ্তমান বিধিৰ দ্বাৰা কোনো ৰাজ্যৰ চৰকাৰৰ ওপৰত বা আন প্ৰাধিকাৰীৰ ওপৰত অৰ্পিত কৰা কোনো কৃত্য ৰাষ্ট্ৰপতিলৈ হস্তান্তৰিত কৰিছে বুলি গণ্য কৰা নহব; অথবা (খ) ৰাষ্ট্ৰপতিৰ বাহিৰে আন প্ৰাধিকাৰীৰ ওপৰত বিধিৰ দ্বাৰা, কৃত্য অৰ্পণ কৰাৰ পৰা সংসদ নিবাৰণ কৰিব নোৱাৰিব। ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি। ৫৪৷ ৰাষ্ট্ৰপতি--- (ক) সংসদৰ উভয় সদনৰ নিৰ্বাচিত সদস্য সকল, আৰু (খ) ৰাজ্যসমূহৰ বিধান সভাৰ নিৰ্বাচিত সদস্য সকলক লৈ গঠিত এক নিৰ্বাচক গণৰ (ইলেক্টৰেল কলেজৰ সদস্য সকলৰ দ্বাৰা নিৰ্বাচিত হ'ব। স্পষ্টীকৰণ এই অনুচ্ছেদ ক আৰু অনুচ্ছেদ ৫৫ত, “ৰাজ্য” ই দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ৰাজ্যক্ষেত্ৰ আৰু পণ্ডিচেৰী সংঘ ৰাজ্যক্ষেত্ৰ অন্তৰ্ভুক্ত কৰে। ৫৫ (১) যিমানদূৰ সম্ভব হয়, ৰাষ্ট্ৰপতি নিৰ্বাচনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিত্বৰ নিৰিখৰ সমতা থাকিব। (২) ৰাজ্যবোৰৰ পৰস্পৰৰ মাজত এনে সমতা আৰু সমূহ ৰাজ্যৰ আৰু সংঘৰ মাজত সমতুল্যতা লাভ কৰাৰ প্ৰয়োজনৰ নিমিত্তে এনে নিৰ্বাচনত সংসদৰ আৰু প্ৰত্যেক বাজ্যৰ বিধান সভাৰ প্ৰতিজন নিৰ্বাচিত সদস্যই দিবলৈ হকদাৰ হোৰা ভোটৰ সংখ্যা তলত দিয়া প্ৰকাৰে নিৰ্ধাৰিত হ'ব :- (ক) এখন ৰাজ্যৰ জনসংখ্যাক তাৰ বিধান সভাৰ নিৰ্বাচিত সদস্য সকলৰ মুঠ সংখ্যাৰ দ্বাৰা ভাগ কৰি পোবা ভাগফলত এক হাজাৰৰ যিমান গুণিতক থাকে, সেই ৰাজ্যৰ বিধান সভাৰ প্ৰত্যেক নিৰ্বাচিত সদসাই সিমান সংখ্যক ভোট পাব; (খ) উক্ত এক হাজাৰৰ গুণিতক লোবাৰ পিচত যদি ভাগশেষ পাঁচশতকৈ কম নহয় তেন্তে (ক) উপখণ্ডত উল্লিখিত প্ৰত্যেক সদস্যৰ ভোট আৰু এটা বাটিবে; (গ) উপখণ্ড (ক) আৰু (খ) ৰ অধীনত ৰাজ্যবোৰব বিধান সভাৰ সদস্যসকলৰ বাবে নিয়ত কৰা মুঠ ভোট সংখ্যাক সংসদৰ উভয় সুদনৰ নিৰ্বাচিত সদস্য সকলৰ মুঠ সংখ্যাৰে ভাগ কৰিলে যি ভাগফল পোবা যাব, সংসদৰ যিকোনোটো সদনৰ প্ৰতিজন নিৰ্বাচিত সদস্যয়ে সিমান সংখ্যক ভোট পাব , ১৷ সংবিধান (সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত, ১৩ আগষ্ট, ১৯৯২ৰ ভাৰতৰ ৰাজপত্ৰ, অসাধাৰণ, ভাগ ২ আৰু অনু ভাগ ১৩ প্ৰকাশিত।