পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ [ চতুৰ্থ ‘ক’ ভাগ মৌলিক কৰ্তব্যসমূহ ৫১৷ ভাৰতৰ প্ৰত্যেক নাগৰিকৰ কৰ্তব্য হব মৌলিক কৰ্তব্যসমূহ। (ক) এই সংবিধান মানি চলা আৰু ইয়াৰ সকলো আদৰ্শ আৰু সংস্থা তথা ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সঙ্গীতক শ্ৰদ্ধা কৰা; (খ), স্বতন্ত্ৰতাৰ বাবে কৰা আমাৰ ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শ সমূহ পোষণ আৰু অনুসৰণ কৰা; (গ) ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা আৰু তাক অক্ষুন্ন ৰখা; (ঘ) দেশখনক ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই ৰাষ্ট্ৰীয় সেবা আগবঢ়োৱা; (ঙ) ভাৰতৰ সকলো লোকৰ মাজত, ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক অথবা সাম্প্ৰদায়িক অনৈক্য অতিক্ৰম কৰি সম্প্ৰীতি আৰু সামহিক ভাতৃভাব বৃদ্ধি কৰা; নাৰীৰ মৰ্য্যাদা হানিকৰ আচৰণ ত্যাগ কৰা; (চ) আমাৰ মিশ্ৰিত সাংস্কৃতিৰ মূল্যবান ঐতিহ্যক মূল্য দিয়া আৰু তাক সংৰক্ষণ কৰা; (ছ) বন, হ্ৰদ,নদী আৰু বন্যজীবক ধৰি প্ৰাকৃতিক পৰিবেশ ৰক্ষা কৰা, তাৰ উন্নয়ন কৰা, তথা সকলো জীবিত প্ৰাণীৰ প্ৰতি দয়াভাব ৰখা; (জ) বৈজ্ঞানিক দৃষ্টিকোণ, মানবতাবোেধ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাব বিকাশ সাধন কৰা; (ঝ) ৰাজ সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা; (ঞ) ব্যক্তিগত আৰু সামূহিক কাম-কাজৰ সকলো ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ বাবে প্ৰয়াস কৰা যাতে ৰাষ্ট্ৰই প্ৰযত্ন আৰ সফলতাৰ উচ্চতৰ পৰ্যায়লৈ নিৰম্ভব আগুবাই যায়। ১ সংবিধান (দাচত্বাৰিংশ সংশোধনঅধিনিয়ম, ১৯৭৬ৰ ধাৰা ১১ৰ দ্বাৰা অন্তঃ স্থাপিত (৩-১- ৭৭ তাংৰ পৰা)।