পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ ভাৰতৰ সংবিধান পঞ্চম ভাগ -সংঘ -- অনুচ্ছেদ ৫৫-৫৮ এক দ্বিতীয়াংশৰ অধিক হোবা ভগ্নাংশবোৰ এক বুলি গণনা কৰিব লাগিব আৰু আনবোৰ ভগ্নাংশ উপেক্ষিত হব। (৩) ৰাষ্ট্ৰপতি নিৰ্বাচন আনু পাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্ৰমণীয় ভোটৰ দ্বাৰা হব আৰু এনে নিৰ্বাচনত ভোটদান গোপন বেলটৰ দ্বাৰা হব। সম্পষ্টীকৰণ এই অনুচ্ছেদত “জনসংখ্যা” পদে এনে অন্তিম পূৰ্বৰ্তী জনগণনাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্ৰাসঙ্গিক সংখ্যা সমূহ প্ৰকাশিত হৈছে? পৰস্তু, এই স্পষ্টীকৰণত প্ৰাসঙ্গিক সংখ্যাসমূহ প্ৰকাশিত হোৱা অন্তিম পূৰ্ববৰ্তী জনগণনাৰ প্ৰতি থকা নিৰ্দেশে, ২০০০ চনৰ পিচত অনুষ্ঠিত প্ৰথম জনগণনাৰ প্ৰাসঙ্গিক সংখ্যা সমূহ প্ৰকাশিত নোহোৰা পৰ্যন্ত, ১৯৭১ চনৰ জনগণনাৰ প্ৰতি কৰা নিৰ্দেশ বুলি অৰ্থ কৰা হ'ব।] ৫৬ (১) ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা পাঁচ বছৰ কাল পদ ধাৰণ ৰাষ্ট্ৰগতিৰ পাবধি। কৰিব। পৰস্তু, (ক) ৰাষ্ট্ৰপতিয়ে স্বহস্ত লিখনীৰ দ্বাৰা উপৰাষ্ট্ৰপতিক সম্বোধন কৰি তেওঁৰ পদ ত্যাগ কৰিব পাৰে; (খ) সংবিধান অতিক্ৰমণৰ কাৰণত অনুচ্ছেদ ৬১ত উপস্থিত ৰীতিৰে মহাভিযোগৰ দ্বাৰা ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰিত কৰিব পৰা যাব; (গ) ৰাষ্ট্ৰপতিয়ে পদকালৰ অৱসান হোবা সত্ত্বেও তেওঁৰ উত্তৰাধিকাৰীয়ে পদ গ্ৰহণ নকৰা পৰ্য্যন্ত পদ ধাৰণ কৰিয়েই থাকিব। (২ খণ্ড (১)ৰ পৰস্তুকৰ খণ্ড (কৰি অধীনত উপৰাষ্ট্ৰপতিক সম্বোধিত কোনো পদত্যাগৰ কথা তেওঁ লোক সভাৰ অধ্যক্ষক অবিলম্বে জ্ঞাত কবিব। পুনৰ নিৰ্বাচন বাৰে পাত্ৰতা। ৫৭৷ ৰাষ্ট্ৰপতিৰূপে পদ ধাৰণ কৰি থকা, বা আগতে ধাৰণ কৰা, কোনো ব্যক্তি এই সংবিধান অন্যান্য উপবন্ধাবলীৰ সাপেক্ষে সেই পদৰ কাৰণে পুনৰ নিৰ্বাচনৰ বাবে পাত্ৰ হব। ৫৮৷ (১) কোনো ব্যক্তি ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচনৰ পাত্ৰ নহব, যদিহে তেওঁ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচনৰ বাবে অৰ্হতাসমূহ। (ক) ভাৰতৰ নাগৰিক নহয়, (খ) পয়ত্ৰিশ বছৰ বয়স পূৰ্ণ হোবা নাই, আৰু (গ) লোক সভাৰ সদস্য ৰূপে নিৰ্বাচনৰ কাৰণে অৰ্হতা সম্পন্ন নহয়। (২) ভাৰত চৰকাৰৰ বা কোনো ৰাজ্য চৰকাৰৰ অধীনত অথবা উক্ত ভেনে চৰকাৰ সমূহৰ কোনোটোৰ নিয়ন্ত্ৰণাধীন কোনো স্থানীয় বা অন্যান্য প্ৰাধিকাৰীৰ অধীনত লাভৰ পদ ধাৰণ কবি থকা কোনো ব্যক্তি ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচনৰ কাৰণে পাত্ৰ নহব। (১) সংবিধান (ঘাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ১২ৰ দ্বাৰা পূৰ্বৰ স্পষ্টীকৰণৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত (৩-১-৭৭ তাংৰ পৰা)।