পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান। তৃতীয় ভাগ - মৌলিক অধিকাব অনুচ্ছেদ ২২-২৪'

(৪) নিবাৰক নিৰোৰ কাৰণে উপবন্ধিত কোনো বিধিয়ে তিনিমাহতকৈ অধিক সময়ৰ কাৰণে কোনো ব্যক্তিক নিৰোধ কৰাৰ প্ৰাধিকাৰ নিদিব যদিহে- (ক) উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা পূৰ্বেৰ ন্যায়াধীশ হৈ থকা বা ন্যায়াধীশ নিযুক্ত হবৰ কাৰণে অৰ্হতা থকা ব্যক্তি সকলৰে গঠিত উপদেষ্টা বোৰ্ডে উক্ত তিনিমাহ সময়ৰ সমাপ্তিৰ পূৰ্বে, নিজৰ বিবেচনা অনুসৰি তেনে নিৰোধৰ পৰ্য্যাপ্ত কাৰণ আছে বুলি প্ৰতিবেদন দিয়া নাই? পৰম্ভ, খণ্ড ৭ৰ উপখণ্ড (খ)ৰ অধীনত সংসদে প্ৰণয়ন কৰা কোনো বিধিৰ দ্বাৰা বিহিত অধিকতম সময়ৰ পিচত কোনো ব্যক্তিকে নিৰোধ কৰি ৰাখিবলৈ এই উপখণ্ডৰ কোনো কথাই প্ৰাধিকৃত নকৰিব; অথবা

(খ) খণ্ড (৭)ৰ উপখণ্ড (ক) আৰু (খ)ৰ অধীনত সংসদে কৰা কোনো বিধিৰ উপবন্ধ অনুযায়ী এনে ব্যক্তিক নিৰোধ কৰা হোৱা নাই। ৫) নিবাৰক নিৰোধৰ কাৰণে উপবন্ধিত কোনো বিধিৰ অধীনত দিয়া আদেশ অনুসৰি যেতিয়া কোনো ব্যক্তিক নিবোধ কৰা হয় তেতিয়া উক্ত আদেশ দিয়া প্ৰাধিকাৰীয়ে যথা শীঘ্ৰে তেনে নিদ্ধ ব্যক্তিক কি কাৰণত উক্ত আদেশ দিয়া হৈছে সেইটো জনাই দিব আৰু উক্ত আদেশৰ বিৰুদ্ধে অভাবেদন দিবলৈ তেওঁক শীঘ্ৰাতিশীঘ্ৰ সুযোগ দিব। (৬) খণ্ড. ৫ৰি কোনো কথাৰ দ্বাৰা সেই খণ্ডত যথা উল্লিখিত তেনে কোনো আদেশ দিয়া প্ৰাধিকাৰীয়ে যিবোৰ তথ্য প্ৰকট কৰিলে লোকহিতৰ পৰিপহী বুলি বিবেচনা কৰে, তেনেবোৰ তথ্য তেনে প্ৰাধিকাৰীয়ে প্ৰকট কৰাটো অপেক্ষিত নহব। (৭) সংসদে বিধিৰ দ্বাৰা --- (ক) কি বোৰ পৰিস্থিতিৰ অধীনত আৰু কি কি শ্ৰেণীৰ বা শ্ৰেণীসমূহৰ গোচৰত খণ্ড (৪)ব উপখণ্ড (ক)ৰ উপবন্ধ অনুযায়ী উপদেষ্টা বোৰ্ডৰ মতামত নোলোৱাকৈ নিবাৰক নিৰোধৰ কাৰণে উপবন্ধিত কোনো বিধিৰ অধীনত তিনি মাহতকৈ অধিক কালৰ কাৰণে কোনো ব্যক্তিক নিৰোধ কৰিব পাৰিব সেই পৰিস্থিতি সমূহ আৰু শ্ৰেণী বা শ্ৰেণী সমূহ, (খ) কি অধিকতম কালৰ কাৰণে কোনো শ্ৰেণী বা শ্ৰেণীসমূহৰ গোচৰত যিকোনো ব্যক্তিক নিবাৰক নিৰোধৰ বাবে উপবন্ধিত কোনো বিধিৰ অধীনত নিৰুদ্ধ কৰিব পাৰিব সেই অধিকতম কাল, আৰু (গ) খণ্ড (৪)ৰ উপখণ্ড (কৰি অধীনস্থ কোনো পৰিপৃচ্ছত উপদেষ্টা, বোৰ্ডৰ দ্বাৰা অনুসৰণীয় প্ৰক্ৰিয়া বিহিত কৰিব পাৰে। শোষণৰ বিৰুদ্ধে অধিকাৰ ২৩৷ (১) মানব পণন আৰু “বেগাৰ আৰু অন্যান্য অনুৰূপ প্ৰকাৰৰ বলপূৰ্বক কৰোবা শ্ৰমৰ মানব পণন আৰু প্ৰতিষেধ কৰা হৈছে, আৰ এই উপবন্ধৰ কোনো উলংঘন বিধি অনুযায়ী দণ্ডনীয় অপৰাধ হব। বলাশ্ৰম (২) এই অনুচ্ছেদৰ কোনো কথাই ৰাজহুৱা প্ৰয়োজনৰ অৰ্থে বাধ্যতামূলক সেবা কৰোবাৰ আবোপণ কৰাৰ পৰা ৰাজ্যক নিবাৰণ নকৰিব আৰু এনে সেবা আৰোপণত ৰাজ্যই কেবল ধৰ্ম, প্ৰতিষেধ। জাতি, বৰ্ণ বা শ্ৰেণী অথবা ইয়াৰ কোনো এটাৰ হেতুকে কোনো বিভেদ নকৰিব। ২৪৷ চৈধ্য বছৰৰ কম বয়সৰ কোনো ল'ৰা-ছোৱালীকে কোনো কাৰখানা বা খনিৰ চাকৰিত কাৰখানা আদিত কিম্বা আন কোনো সংকটজনক চাকৰিত নিযুক্ত নকৰিব। ল’ৰা-ছোৱালীৰ নিযুক্তিত প্ৰতিষেধ।