পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী ১৯(অন্তঃকালীন উপবন্ধ সমূহ —(১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচতে যথাসম্ভৱ শীঘ্ৰে এই অনুসূচীৰ অধীনত ৰাজ্যখনৰ ভিতৰত থকা প্ৰত্যেকখন স্বায়ত্ত শাসিত জিলাৰ বাবে একোখন জিলা পৰিষদ গঠন কৰিবলৈ ৰাজ্যপালে ব্যৱস্থা লব আৰু কোনো এখন স্বায়ত্ত শাসিত জিলাৰ বাবে তেনেদৰে জিলা পৰিষদ গঠিত নোহোৱা পৰ্য্যন্ত তেনে জিলাৰ প্ৰশাসন ৰাজ্যপালৰ হাতত ন্যস্ত হব আৰু এনে জিলাৰ অন্তৰ্গত ক্ষেত্ৰ সমূহৰ প্ৰশাসনৰ বেলিকা এই অনুসূচীৰ পূৰ্ব্বগামী উপবন্ধ সমূহৰ পৰিৱৰ্ত্তে নিম্নলিখিত উপবন্ধ সমূহ প্ৰয়োগ হব; অৰ্থাৎ (ক) ৰাজ্যপালে যদিহে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা তেনে নিৰ্দেশ নিদিয়ে তেনেহলে সংসদৰ বা ৰাজ্যিক বিধান মণ্ডলৰ কোনো অধিনিয়ম তেনে ক্ষেত্ৰত প্ৰয়োগ নহব; আৰু কোনো অধিনিয়মৰ সম্বন্ধত ৰাজ্যপালে তেনে নিৰ্দেশ দিওঁতে এইদৰে নিৰ্দেশ দিব পাৰে যে সেই ক্ষেত্ৰত বা তাৰ কোনো ভাগত অধিনিয়মখন প্ৰয়োগ কৰোতে এনে ব্যতিক্ৰম বা সালসলনি সাপেক্ষে হব যিবিলাকনেকি ৰাজ্যপালে উচিত বুলি ভাবে; (খ) এনে কোনো ক্ষেত্ৰৰ শান্তি আৰু সুশাসনাৰ অৰ্থে ৰাজ্যপালে বিনিয়ম প্ৰণয়ন কৰিব পাৰে আৰু তেনেদৰে প্ৰণীত কোনো বিনিয়মে সংসদৰ বা ৰাজ্যখনৰ বিধান মণ্ডলৰ যিকোনো অধিনিয়ম অথবা তেনে ক্ষেত্ৰত তত্সময় প্ৰযোজ্য যিকোনো বিদ্যমান বিধি নিৰসিত বা সংশোধিত কৰিব পাৰে। (২) এই দফাৰ উপদফা (১) ৰ খণ্ড (ক) ৰ অধীনত ৰাজ্যপালৰ দ্বাৰা দিয়া যিকোনো নিৰ্দেশ এনেদৰে দিব পাৰি যে তাৰ ভূতলক্ষী প্ৰভাৱ হব।

1 (৩) এই দফাৰ উপদফা (১) ৰ খণ্ড (খ) ৰ অধীনত প্ৰণীত সকলো বিনিয়ম লগে লগে ৰাষ্ট্ৰপতিলৈ পঠাব লাগিব আৰু তেখেতে তাত সন্মতি প্ৰদান নকৰা পৰ্য্যন্ত সেই বিনিয়ম সমূহৰ কোনো প্ৰভাৱ নহব। [২০। জনজাতীয় ক্ষেত্ৰ সমূহ – (১) তলত দিয়া তালিকাৰ ভাগ ১,২ [২ক ] আৰু ৩ ত বিনিৰ্দিষ্ট ক্ষেত্ৰসমূহ ক্ৰমান্বয়ে অসম ৰাজ্য, মেঘালয় ৰাজ্য [ ত্ৰিপুৰা ৰাজ্য] আৰু মিজোৰাম [ ৰাজ্য] অন্তৰ্গত জনজাতীয় ক্ষেত্ৰ হব। (২) [তলৰ তালিকাৰ ভাগ ১, ভাগ ২ বা ভাগ৩ ত থকা] কোনো জিলাৰ প্ৰতি থকা কোনো নিৰ্দেশ উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ ৰ ধাৰা২ ৰ খণ্ড (খ)ৰ অধীনত নিয়ত তাৰিখৰ অব্যৱহিত পূৰ্বে বিদ্যমান সেই নামৰ স্বায়ত্ত শাসিত জিলা সমাবিষ্ট ক্ষেত্ৰ সমূহৰ প্ৰতি থকা নিৰ্দেশ বুলি অৰ্থ কৰিবঃ ১। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা ৭১ (ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-৭২ ৰ পৰা) দফা ২০ আৰু ২০ ৰ বাবে প্ৰতিষ্ঠাপিত। ২। সংবিধান (ঊনপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ ৰ ধাৰা ৪ ৰ দ্বাৰা (১-৪-১৯৮৫ ৰ পৰা) অন্তঃস্থাপিত। ৩ামিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৩৯ ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ। পৰা) “সংঘ ৰাজ্য ক্ষেত্ৰ”ৰ বাবে প্ৰতিস্থাপিত। ৪। সংবিধান (ঊনপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ৰ ধাৰা ৪ ৰ দ্বাৰা (১-৪-১৯৮৫ ৰ পৰা) “তলৰ তালিকাত থকাৰ বাবে প্ৰতিষ্ঠাপিত।