পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২১৫ যষ্ঠ অনুসূচী পৰস্তু, যদি আৰু যিমানবাৰ ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা এনে আদেশ চলি থাকিবৰ বাবে অনুমোদন জনাই সংকল্প পাৰিত হয়, তেনেহলে সেই আদেশ যদিহে ৰাজ্যপালৰ দ্বাৰা ৰদ কৰা নহয়, যি তাৰিখে এই দফাৰ অধীনত অন্যথা বলবত নোহোৱা হ'লহেতেন সেই তাৰিখৰ পৰা অতিৰিক্ত বাৰমাই কালৰ বাবে বলবত হৈ থাকিব। ১৬। কোনো জিলা বা আঞ্চলিক পৰিষদৰ বিঘটন -- [(১)] এই অনুসূচীৰ দফা ১৪ ৰ অধীনত নিযুক্ত কোনো আয়োগৰ চুপাৰিছ ক্ৰমে ৰাজ্যপালে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা কোনো জিলা বা আঞ্চলিক পৰিষদ বিঘটন কৰাৰ আদেশ দিব পাৰে, আৰু ~ (ক) পৰিষদখন পুনৰ্গঠনৰ বাবে তৎক্ষণাত নতুনকৈ সাধাৰণ নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিব পাৰে; অথবা (খ), ৰাজ্যখনৰ বিধান মণ্ডলৰ পূৰ্বানুমোদন সাপেক্ষে, এনে পৰিষদৰ প্ৰাধিকাৰাধীন ক্ষেত্ৰৰ প্ৰশাসন অনধিক বাৰমাহ কালৰ বাবে নিজৰ হাতলৈ আনিব পাৰে বা তেনে ক্ষেত্ৰৰ প্ৰশাসন উক্ত দফাৰ অধীনত নিযুক্ত আয়োগৰ অধীনত বা তেখেতৰ দ্বাৰা যথোপযুক্ত বুলি বিবেচিত আন কোনো নিকায়ৰ অধীনত দিব পাৰে। পৰস্তু যেতিয়া এই দফাৰ খণ্ড (ক) ৰ অধীনত কোনো আদেশ দিয়া হয় তেতিয়া ৰাজ্যপালে, নতুন সাধাৰণ নিৰ্বাচন অনুসৰি পৰিষদখন পুনৰ্গঠন নোহোৱালৈকে সেই প্ৰাসংগিক ক্ষেত্ৰৰ প্ৰশাসন সম্বন্ধে এই দফাৰ খণ্ড (খ) ত নিৰ্দেশিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? উপন্তু জিলা বা যথাস্থিতি আঞ্চলিক পৰিষদ ৰাজ্যখনৰ বিধান মণ্ডলৰ আগত তেওঁলোকৰ মতামত জনোৱাৰ সুযোগ নিদিয়াকৈ এই দফাৰ খণ্ড (খ)ৰ অধীনত কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। 1 ১। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৮৮ (১৯৮৮ ৰ ৬৭) ৰ ধাৰা ২ ৰ দ্বাৰা দফা ১৬ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যত প্ৰয়োগ কৰোতে নিম্নলিখিত ৰূপত সংশোধিত কৰা হৈছে (ক) উপদফা (১) ৰ খণ্ড (খ) ত থকা ৰাজ্যৰ বিধান মণ্ডলৰ পূৰ্ব অনুমোদন সাপেক্ষে শব্দাৱলী আৰু দ্বিতীয় পৰস্তৃক লোপ কৰা হব; (খ) উপদফা ৩ ৰ বাবে নিম্নলিখিত উপদফা প্ৰতিষ্ঠাপিত হব, অৰ্থাৎঃ- “(৩) এই দফাৰ উপদফা (১) বা উপদফা (২) ৰ অধীনত দিয়া প্ৰত্যেক আদেশ, ইয়াৰ কাৰণসহ, ৰাজ্যৰ বিধান মণ্ডলত উপস্থাপিত কৰা হব ...”। ২। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-১৯৭০ ৰ পৰা ) দফা ১৬ ক ইয়াৰ উপদফা (১) ৰ ৰূপত পুনঃ সংখ্যাঙ্কিত কৰা হৈছে।