পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৪ ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী ১৪।স্বায়ত্তশাসিত জিলা আৰু স্বায়ত্ত শাসিত অঞ্চল সমূহৰ প্ৰশাসন সম্বন্ধে অনুসন্ধান কৰি প্ৰতিবেদন দিবৰ কাৰণে আয়োগৰ নিযুক্তি -(১) ৰাজ্যপালে যিকোনো সময়তে স্বায়ত্ত শাসিত জিলা বা স্বায়ত্তশাসিত অঞ্চল সমূহৰ প্ৰশাসন সম্পৰ্কে এই অনুসূচীৰ দফা ১ ৰ উপদফা (৩)ৰ খণ্ড (গ), (ঘ), (ঙ) আৰু (চ)ত বিনিৰ্দিষ্ট বিষয় সমূহক অন্তৰ্ভুক্ত কৰি তেখেতে বিনিদিষ্টকৰি দিয়াযিকোনো বিষয় পৰীক্ষা কৰি প্ৰতিবেদন দিবৰ কাৰণে কোনো আয়োগ নিযুক্ত কৰিব পাৰে অথবা সাধাৰণতে ৰাজ্যখনৰ স্বায়ত্তশাসিত জিলা আৰু স্বায়ত্তশাসিত অঞ্চল সমূহৰ প্ৰশাসন সম্পৰ্কে অনুসন্ধান কৰি সময়ে সময়ে প্ৰতিবেদন দিবলৈ আৰু বিশেষকৈ -- (ক) এনে জিলা বা অঞ্চল সমূহত শিক্ষা আৰু চিকিৎসাৰ সা-সুবিধা আৰু যোগাযোগৰ ব্যৱস্থা; (খ) এনে জিলা আৰু অঞ্চলৰ সম্বন্ধত কোনো নতুন কিম্বা বিশেষ বিধানৰ আৱশ্যকতা; আৰু (গ) জিলা আৰু আঞ্চলিক পৰিষদ সমূহৰ দ্বাৰা প্ৰণীত বিধি, নিয়মাৱলী আৰু বিনিয়ম সমূহৰ প্ৰশাসন; সম্পৰ্কে অনুসন্ধান কৰি প্ৰতিবেদন দিবলৈ কোনো আয়োগ নিযুক্ত কৰিব পাৰে আৰু এনে আয়োগৰ দ্বাৰা অনুসৰণীয় প্ৰক্ৰিয়া পৰিভাষিত কৰি দিব পাৰে। (২) এনেকুৱা প্ৰত্যেক আয়োগৰ প্ৰতিবেদন [ ঃ ] আৰু তাৰ ওপৰত ২[ ৰাজ্যখনৰ চৰকাৰৰ দ্বাৰা লবলৈ প্ৰস্তাৱ কৰা কাৰ্যব্যৱস্থা সম্বন্ধে এক ব্যাখ্যত্মক জ্ঞাপন সহ সংশ্লিষ্ট মন্ত্ৰীয়ে ৰাজ্যৰ বিধান মণ্ডলত দাখিল কৰিব। . (৩) মন্ত্ৰী সকলৰ মাজত ৰাজ্য চৰকাৰৰ কাৰ্য্যভাৰ বন্টন কৰোতে ৰাজ্যপালে তেখেতৰ কোনো এজন মন্ত্ৰীৰ ওপৰত বিশেষকৈ ৰাজ্যখনৰ স্বায়ত্ত শাসিত জিলা আৰু স্বায়ত্তশাসিত অঞ্চল সমূহৰ কল্যাণৰ ভাৰ অৰ্পণ কৰিব পাৰে। ১৫। জিলা আৰু আঞ্চলিক পৰিষদ সমূহৰ কাৰ্য্য আৰু সংকল্প সমূহ বকবণ বা নিলম্বিত কৰণ —(১) যদি যিকোনো সময়ত ৰাজ্যপালে এই বুলি সন্তুষ্ট হয় যে কোনো জিলাবা আঞ্চলিক পৰিষদৰ কোনো কাৰ্য্যই বা সংকল্পই ভাৰতৰ নিৰাপত্তা বিপন্ন কৰাৰ সম্ভাৰনা আছে৷ { অথবা ই সাৰ্বজনিক শৃংখলাৰ পৰিপন্থী-হোৱাৰ সম্ভাৱনা আছে ] তেনেহলে ৰাজ্যপালে তেনে কাৰ্য্য বা সংকল্প ৰ বা নিলম্বিত কৰিব পাৰে আৰু এনে ব্যৱস্থা (পৰিষদখন সাময়িক ভাৱে নিলম্বিত আৰু পৰিষদত ন্যস্ত হোৱা বা পৰিষদৰ দ্বাৰা প্ৰয়োগ কৰিব লগীয়া সকলো বা'যিকোনো ক্ষমতা নিজৰ হাতলৈ অনাকে ধৰি লব পাৰে যিবিলাক নেকি তেনে কাৰ্য্য সংঘটিত হোৰাত|বা তাক চলি থাকিবলৈ দিয়াত অথবা তেনে সংকল্প কাৰ্যকৰী কৰাত বাধা-আৰোপ কৰিবলৈ আৱশ্যকীয় বুলি ৰাজ্যপালে বিবেচনা কৰে। (২) এই দফাৰ উপদফা (১) ৰ অধীনত ৰাজ্যপালে দিয়া যিকোনো আদেশ: তেনে আদেশ দিয়াৰ কাৰণ সহ যথাসম্ভৰ শীঘ্ৰে ৰাজ্যৰ বিধান মণ্ডলত দাখিল কৰিব লাগিব আৰু যদি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰতিসংহৰণ কৰা নহয় তেনেহলে যি তাৰিখে তেনে আদেশ দিয়া হয় সেই তাৰিখৰ পৰা বাৰমাহ কাললৈ বলবৎ হৈ থাকিব ঃ 1 ১। সংবিধানৰ ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৯৫ ৰ দ্বাৰা লোেপ কৰা হৈছে। ২। উক্ত অধিনিয়মৰ উক্তধাৰা আৰু উক্ত অনুসূচীৰ দ্বাৰা অসম চৰকাৰৰ পৰিৱৰ্ত্তে (২১-১-৭২ৰ পৰা) প্ৰতিষ্ঠাপিত। ৩। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৮৮ (১৯৮৮ৰ ৬৭) ধাৰা ২ৰ দ্বাৰা দফা ১৫ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যত প্ৰয়োগ কৰোতে নিম্ন লিখিত ৰূপত সংশোধিত কৰা হৈছে; (ক) প্ৰাৰম্ভিক ভাগত “ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা”শব্দাৱলীৰ বাবে ৰাজ্যপালৰ দ্বাৰা” শব্দাৱলী প্ৰতিষ্ঠাপিত হব, (খ) পুৰস্তুক লোপ কৰা হব।' ৪। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-৭০ ৰ পৰা) অন্তঃস্থাপিত।