পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২৩৯ যষ্ঠ অনুসূচী ২৮.ভূবাজস্ব নিৰ্দ্ধাৰণ আৰু সংগ্ৰহ কৰিবলৈ আৰু কব-আবোপণ কৰিবলৈ ক্ষমতা সমূহ - (১):কোনো স্বায়ত্তশাসিত অঞ্চলৰ বাবে থকা আঞ্চলিক পৰিষদৰ সেই অঞ্চলৰ অন্তৰ্গত সকলো : ভুমিৰ সম্বন্ধত, আৰু কোনো স্বায়ত্ত শাসিত জিলাৰ বাবে থকা জিলা পৰিষদৰ, কোনো আঞ্চলিক পৰিষদ থাকিলে তেনে আঞ্চলিক পৰিষদৰ প্ৰাধিকাৰত থকা ক্ষেত্ৰ সমূহৰ বাহিৰে,জিলাখনৰ অন্তৰ্গত; সকলো ভূমিৰ সম্বন্ধত, [. ৰাজ্যখনৰ চৰকাৰে ভূ-ৰাজস্বৰ প্ৰয়োজনাৰ্থে ৰাজ্যৰ ভূমি নিদ্ধাৰণ কৰোতে সাধাৰণতে] অনুসৰণ কৰা সিদ্ধান্ত অনুসৰি, তেনে ভূমিৰ ৰাজস্ব নিৰ্দ্ধাৰণ আৰু সংগ্ৰহ। কৰাৰ ক্ষমতা থাকিব। (২) কোনো স্বায়ত্তশাসিত অঞ্চলৰ বাবে থকা আঞ্চলিক পৰিষদে সেই অঞ্চলৰ-অন্তৰ্গত সকলো ক্ষেত্ৰৰ সম্বন্ধ আৰু কোনো স্বায়ত্ত শাসিত জিলাৰ বাবে থকা জিলা পৰিযদে, কোনো, আঞ্চলিক পৰিষদ থাকিলে তেনে আঞ্চলিক পৰিষদৰ প্ৰাধিকাৰত থকা ক্ষেত্ৰ সমূহৰ বাহিৰে জিলাখনৰ অন্তৰ্গত, সকলো ক্ষেত্ৰৰ সম্বন্ধত ভূমি আৰু ভৱনৰ ওপৰত কৰ আৰু তেনে ক্ষেত্ৰৰ ভিতৰত নিবাসী ব্যক্তি সকলৰ ওপৰত পৃথক উগ্ৰহণ আৰু সংগ্ৰহ কৰাৰ ক্ষমতা থাকিব। (৩) কোনো স্বায়ত্তশাসিত জিলাৰ জিলা পৰিষদৰ তেনে জিলাৰ ভিতৰত নিম্নলিখিত সকলোবোৰ বা তাৰ যিকোনোটো কৰ উগ্ৰহণ আৰু সংগ্ৰহ কৰিবলৈ ক্ষমতা থাকিব, অৰ্থাৎ (ক) বৃত্তি, বেপাৰ, আজীৱিকা আৰু চাকৰিৰ ওপৰত কৰ; (খ) পশু, যানবাহন আৰু নৌকাৰ ওপৰত কৰ; (গ) কোনো বজাৰত বিক্ৰীৰ নিমিত্তে অনা বস্তুৰ প্ৰৱেশৰ ওপৰত কৰ, আৰু পাৰঘাটেৰে কঢ়িওৱা যাত্ৰী আৰু বস্তুৰ ওপৰত পথ কৰ; আৰু (ঘ) স্কুল, ঔষধালয় আৰু পথ-সংৰক্ষণৰ বাবে কৰ। (৪) কোনো আঞ্চলিক পৰিষদে বা যথাস্থিতি, জিলা পৰিষদে এই দফাৰ উপদফা-(২)-আৰু (৩) ত বিনিৰ্দিষ্ট কৰ সমূহ উগ্ৰহণ আৰু সংগ্ৰহ কৰাৰ উপবন্ধ কৰি বিনিয়ম প্ৰস্তুত কৰিব পাৰে। ২[আৰু এনেকুৱা প্ৰত্যেক বিনিয়ম অনতিবিলম্বে ৰাজ্যপালৰ ওচৰত দাখিল কৰিব লাগিব আৰু যেতিয়ালৈকে ৰাজ্যপালৰ দ্বাৰাত সম্মতি প্ৰদান কৰা নহয় তেতিয়ালৈকে তেনে বিনিয়মৰ কেননা, প্ৰভাৱ নহব।] [৯(খনিজ পদাৰ্থ অন্বেষনাৰ্থ বা নিষ্কৰ্ষণাৰ্থ অনুজ্ঞপ্তি বা পট্টন, ...(১), কোনো স্বায়ত্ত শাসিত জিলাৰ অন্তৰ্গত কোনো ক্ষেত্ৰৰ সম্বন্ধত খনিজ পদাৰ্থ, অন্বেষণ, আৰু নিষ্কৰ্ষণৰ { ৰাজ্য চৰকাৰে ] দিয়া অনুজ্ঞপ্তি বা পট্টাৰ পৰা প্ৰতি বছৰে প্ৰোদ্ভূত হোৱা : ৰয়েল্টিৰ এনে অংশ এনে জিলাৰ জিলা পৰিষদক দিয়া হব-যিটোনেকি, [ ৰাজ্য চৰকাৰী আৰু তেনে জিলাৰ জিলা পৰিষদৰ মাজত চুক্তিবদ্ধ কৰা হয়। ১। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা ৭১ (ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-১৯৭২ ৰ পৰা) কিছুমান শব্দৰ বাবে প্ৰতিষ্ঠাপিত। ২। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫.) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ - অনুসূচীৰ দ্বাৰা (২-৪-৭৫ ৰ পৰা ):অন্তঃস্থাপিত। ৩। সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৮৮ (১৯৮৮ ৰ ৬৭) ৰ ধাৰা ২ ৰ দ্বাৰা দফা ৯ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যত প্ৰয়োগ কৰাত নিম্নলিখিত ৰূপত সংশোধিত কৰা হৈছে যাৰ দ্বাৰা উপদফা (২)ৰ পিছত নিম্নলিখিত উপদফা অন্তঃস্থাপিত কৰা হৈছে, অৰ্থাৎ- “(৩) ৰাজ্যপালে আদেশৰ দ্বাৰা এই নিৰ্দেশ দিব পাৰিব যে এই দফাৰ অধীনত জিলা পৰিষদক দিবলগীয়া হোৱা ৰয়েল্টিৰ অংশ' সেই পৰিষদক, যথাস্থিতি, উপদফা (১)ৰ অধীনত কোনো চুক্তি বা উপদফা (২) ৰ অধীনত কোনো অৱধাৰণৰ তাৰিখৰ পৰা এবছৰৰ আৱধিৰ ভিত্ৰত-দিয়া ইব। (৪):উত্তৰ পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম ১৯৭১ (১৯৭১ৰ ৮১)ৰ ধাৰা ৭১ (ম) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-১৯৯২ৰ পৰা) “অসম চৰকাৰৰ বাবে প্ৰতষ্ঠপিত।