পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৮ ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী

[(৪) কোনো স্বায়ত্ত শাসিত জিলা বা স্বায়ত্তশাসিত অঞ্চলৰ সম্পৰ্কত দফা ৪ উপদফা (৫) ৰ অধীনত ৰাজ্যপালৰ দ্বাৰা নিয়ত তাৰিখৰ পৰা, সেই জিলা বা অঞ্চলত এই দফাটো প্ৰয়োগ। কৰোতে এই দফাত অস্ত্ৰবিষ্ট কোনো কথাই, জিলা পৰিষদৰ ওপৰত বা আঞ্চলিক পৰিষদৰ ওপৰত অথবা জিলা পৰিষদৰ দ্বাৰা গঠিত ন্যায়ালয়ৰ ওপৰত এই দফাৰ উপদফা (১) ত নিৰ্দেশিত ক্ষমতা সমূহৰ যিকোনোটো অৰ্পণ কৰিবলৈ ৰাজ্যপালক প্ৰাধিকৃত কৰা বুলি গণ্য কৰা নহব। ] {[৬। প্ৰাথমিক বিদ্যালয় আদি স্থাপন কৰিবলৈ জিলা পৰিষদৰ ক্ষমতা সমূহ - (১) কোনো স্বায়ত্ত শাসিত জিলাৰ জিলা পৰিষদে জিলাখনৰ ভিতৰত প্ৰাথমিক বিদ্যালয়, ঔষধালয়, হাট,[ পশুফাটক ], পাৰঘাট, মীনক্ষেত্ৰ, পথ, পথ পৰিবহন আৰু জলপথৰ স্থাপনা, নিৰ্মাণ অথবা পৰিচালনা কৰিব পাৰে, আৰু ৰাজ্যপালৰ পূৰ্বানুমোদন ক্ৰমে এই বিলাকৰ বিনিয়মন আৰু নিয়ন্ত্ৰাণাৰ্থে বিনিয়ম প্ৰস্তুত কৰিব পাৰে, আৰু বিশেষকৈ, জিলাখনৰ প্ৰাথমিক বিদ্যালয় সমূহত শিক্ষাদানৰ ভাষা আৰু ৰীতি বিহিত কৰিব পাৰে। (২) ৰাজ্যপালে কোনো জিলা পৰিষদৰ সন্মতিক্ৰমে সেই পৰিষদৰ বা তাৰ পদাধিকাৰী সকলৰ ওপৰত সচৰ্ত্তে বা বিনাচৰ্ত্তে কৃষি, পশুপালন, সামূহিক যোজনা সমূহ, সমবায় সমিতি সমূহ, সমাজকল্যাণ, গাওঁ পৰিকল্পনা অথবা ৰাজ্যখনৰ * * কাৰ্যাপলিকা ক্ষমতা বিস্তৃত থকা আন যিকোনো বিষয় সম্পৰ্কীয় কৃত্য সমূহ ন্যস্ত কৰিব পাৰে। ] ৭।জিলা আৰু আঞ্চলিক নিধি -(১) প্ৰত্যেক স্বায়ত্তশাসিত জিলাৰ বাবে একোটা জিলা নিধি আৰু প্ৰত্যেক স্বায়ত্ত শাসিত অঞ্চলৰ বাবে একোটা আঞ্চলিক নিধি গঠিত হব যত—যথাক্ৰমে সেই জিলাৰ জিলা পৰিষদৰ দ্বাৰা আৰু সেই অঞ্চলৰ আঞ্চলিক পৰিষদৰ দ্বাৰা তেনে জিলাত বা যথাস্থিতি তেনে অঞ্চলত এই সংবিধানৰ উপবন্ধ অনুসৰি কৰা প্ৰশাসনৰ অনুক্ৰমত প্ৰাপ্ত হোৱা সকলো ধন জমা কৰা হব। {(২) জিলা নিধিৰ বা যথাস্থিতি, আঞ্চলিক নিধিৰ পৰিচালনাৰ বাবে উক্ত নিধিত ধন জমা দিয়া তাৰ পৰা ধন উলিওৱা, তাত থকা ধনৰ অভিৰক্ষা আৰু উপৰোক্ত বিষয় সমূহৰ লগত সম্বন্ধিত বাতাৰ আনুষঙ্গিক আন যিকোনো বিষয়ৰ সম্বন্ধত অনুসৰণীয় প্ৰক্ৰিয়াৰ বাবে ৰাজ্যপালে নিয়মাৱলী। প্ৰণয়ন কৰিব পাৰে। (৩) ভাৰতৰ নিয়ন্ত্ৰক- মহালেখা পৰীক্ষকে ৰাষ্ট্ৰপতিৰ অনুমোদন পূৰ্ব্বক যেনেদৰে বিহিত কৰে তেনেদৰে জিলা পৰিষদৰ বা যথাস্থিতি, আঞ্চলিক পৰিষদৰ লেখা সমূহ ৰখা হব। (৪) নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকে যেনে উপযুক্ত বিবেচনা কৰে তেনে ৰীতিৰে জিলা আৰু আঞ্চলিক পৰিষদ সমূহৰ লেখা সমূহৰ পৰীক্ষা কৰোৱাব আৰু নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ তেনে লেখা সম্পৰ্কীয় প্ৰতিবেদন সমূহ ৰাজ্যপালক দিব লাগিব আৰু ৰাজ্যপালে সেই সমূহ পৰিষদৰ আগত দিয়াব।] ১| অসম পুনগঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-৭০ ৰ পৰা) অন্তঃস্থাপিত। ২। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-১৯৭০ ৰ পৰা) দফা ৬ ৰ বাবে প্ৰতিষ্ঠাপিত। ৩। নিৰসন আৰু সংশোধন অধিনিয়ম, ১৯৭৪ (১৯৭৪ ৰ ৫৬) ৰ ধাৰা ৪ ৰ দ্বাৰা “পশুফাটক” ৰ বাবে প্ৰতিষ্ঠাপিত। ৪| উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা ৭১ (ঝ) আৰু অষ্টম অনসূচীৰ দ্বাৰা (২১-১-১৯৭২ ৰ পৰা) “থাস্থিতি অসমৰ বা মেঘালয়ৰ” কথাখিনি লোপ কৰা হৈছে। ৫। অসম পুনৰ্গঠন (মেঘালয়) অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-১৯৭০ ৰ পৰা) উপদফা (২) ৰ বাবে প্ৰতিষ্ঠাপিত।