পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১০ ভাৰতৰ সংবিধান যষ্ঠ অনুসূচী (২) জিলা পৰিষদক দিবলগীয়া এনেৰয়েল্টিৰ অংশ সম্বন্ধে যদি কিবা বিবাদ উদ্ভৱহয় তেনেহলে তাক নিৰ্ধাৰণৰ কাৰণে ৰাজ্যপাললৈ প্ৰেৰণ কৰা হব আৰু ৰাজ্যপালে স্ববিবেচনাৰে নিৰ্ধাৰিত কৰা পৰিমাণকেই এই দফাৰ উপদফা (১) ৰ অধীনত জিলা পৰিষদক দেয় পৰিমাণ বুলি গণ্য কৰা হব। আৰু ৰাজ্যপালৰ বিনিশ্চয় চুড়ান্ত হব। [১০ | অজনজাতীয় লোকৰ দ্বাৰা ধন ধাৰে দিয়া আৰু বেপাৰ কৰা নিয়ন্ত্ৰণ কৰিবব অৰ্থে বিনিয়মকৰিবলৈজিলা পৰিষদৰ ক্ষমতা —(১) স্বায়ত্তশাসিত জিলাৰ জিলা পৰিষদে, জিলাখনৰ নিবাসী অনুসূচিত জনজাতি ভিন্ন অন্য ব্যক্তি সকলৰ দ্বাৰা জিলাখনৰ ভিতৰত কৰা ধন ধাৰে দিয়া ব্যৱসায় আৰু বেপাৰ বিনিয়মন আৰু নিয়ন্ত্ৰণ কৰিবৰ অৰ্থে বিনিয়ম প্ৰণয়ন কৰিব পাৰে। (২) পূৰ্ববৰ্তী ক্ষমতা সমূহৰ ব্যাপকতাৰ ওপৰত কোনো প্ৰতিকূল প্ৰভাৱ নেপেলোৱাকৈ আৰু বিশেষকৈ, এনে বিনিয়মে-- (ক) ' সেই মৰ্মে দিয়া অনুজ্ঞপ্তি ধাৰণ কৰা ব্যক্তিৰ বাহিৰে আন কোনো ব্যক্তিয়ে ধন ধাৰে দিয়া ব্যৱসায় কৰিব নোৱাৰে বুলি বিহিত কৰিব পাৰে; কোনো ধন ধাৰে দিয়া ব্যক্তিয়ে ধাৰ্য্য কৰিব পৰা বা আদায় কৰিব পৰা সুদৰসৰ্বোচ্চ হাৰ বিহিত কৰিব পাৰে; ধন ধাৰে দিওঁতাৰ দ্বাৰা হিচাপ ৰাখিবৰ বাবে আৰু জিলা পৰিষদৰ দ্বাৰা সেইমৰ্মে নিযুক্ত পদাধিকাৰীৰ দ্বাৰা তেনে হিচাপ নিৰীক্ষণৰ বাবে উপবন্ধ কৰিব পাৰে; (ঘ) জিলাখনৰ বাসিন্দা অনুসূচিত জনজাতিৰ সদস্য, নোহোৱা কোনো ব্যক্তিয়ে সেই মৰ্মে জিলা পৰিষদৰ দ্বাৰা দিয়া কোনো অনুজ্ঞপ্তি বিনা কোনো পণ্যদ্ৰব্যৰ পাইকাৰী বা খুচুৰা ব্যৱসায় কৰিব নোৱাৰিব বুলি বিহিত কৰিব পাৰে? পৰস্তু, জিলা পৰিষদৰ মুঠ সদস্য সংখ্যাৰ তান্ন তিনি-চতুৰ্থাংশ সংখ্যাধিক্যৰ দ্বাৰা পৰিত নহলে এই দফাৰ অধীনত কোনো বিনিয়ম প্ৰণয়ন নকৰিবঃ • অধিকন্তু, এনে বিনিয়ম প্ৰণয়ন কৰাৰ পূৰ্বৰে পৰা জিলাখনৰ ভিতৰত ব্যৱসায় কৰি থকা কোনো ধন ধাৰে দিওঁতাক বা বেপাৰীক এনে কোনো বিনিয়মৰ অধীনত বিজ্ঞপ্তি দিয়াত অস্বীকাৰ কৰিবলৈ সক্ষম নহব। (৩) এই দফাৰ অধীনত প্ৰণীত সকলোবোৰ বিনিয়ম অনতিবিলম্বে ৰাজ্যপালৰ ওচৰত দাখিল কৰিব লাগিব আৰু যেতিয়ালৈকে ৰাজ্যপালৰ দ্বাৰা তাত সন্মতি প্ৰদান কৰা নহয় তেতিয়ালৈকে তেনে বিনিয়মৰ কোনো প্ৰভাৱ নহব। ১১। এই অনুসূচীৰ অধীনত প্ৰণীত বিধি , নিয়মাৱলী আৰু বিনিয়ম সমূহৰ প্ৰকাশন-কোনো জিলা পৰিষদৰ বা কোনো আঞ্চলিক পৰিষদৰ দ্বাৰা এই অনুসূচীৰ অধীনত প্ৰণীত সকলো বিধি, নিয়মাৱলী আৰু বিনিয়ম অনতিবিলম্বে ৰাজ্যখনৰ চৰকাৰী ৰাজপত্ৰত প্ৰকাশ কৰিব লাগিব আৰু এনেদৰে প্ৰকাশিত হলে সেইবিলাক বিধি স্বৰূপে বলবৎ হব। ১।সংবিধান ষষ্ঠ অনুসূচী (সংশোধন) অধিনিয়ম, ১৯৮৮ (১৯৮৮ৰ ৬৭)ৰ ধাৰা ২ দ্বাৰা দফা ১০ ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যত প্ৰয়োগ কৰাত নিম্নলিখিত ৰূপত সংশোধিত্ব কৰা হৈছে ঃ- (ক) শীৰ্ষত“অজনজাতিৰ দ্বাৰা” শব্দাৱলী লোপ কৰা হৈছে; (খ) উপদফা (১) ত “অনুসূচিত জনজাতিৰ ভিন্ন” শব্দাৱলী লোপ কৰা হৈছে: (গ) উপদফা (২) ত খণ্ড ঘৰ বাবে নিম্নলিখিত খণ্ড প্ৰতিষ্ঠাপিত হব, অৰ্থাৎ ঃ- “(ঘ) বিহিত কৰিব পাৰিব যে কোনো ব্যক্তি যি জিলা নিবাসী হয়, জিলা পৰিষদৰ দ্বাৰা এই মৰ্মে দিয়া হোৱা অনুজ্ঞপ্তিৰ অধীনত পাইকাৰীয়েই হওঁক বা খুচুৰাই হওঁক কোনো বেপাৰ কৰিব, অন্যথা নহয়”।