পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
ভাৰতৰ সংবিধান

 একবিংশ ভাগ-অস্থায়ী, অন্তর্কালীন আৰু বিশেষ উপবন্ধসমূহ-অনুচ্ছেদ ৩৭১ঘ-৩৭১ চ

 এনে নিযুক্তি, পদস্থাপন, পদোন্নতি বা বদলিৰ সম্পৰ্কত, যথাস্থিতি হায়দৰাবাদ ৰাজ্যৰ ভিতৰত, বা অন্ধ্রপ্রদেশ ৰাজ্যৰ কোনাে অংশৰ ভিতৰত নিবাস সম্পর্কে কোনাে প্রয়োজনীয়তাৰ উপবন্ধ থকা আৰু সেই সময়ত বলবৎ থকা কোনাে বিধি অনুসাৰে তেনে ব্যক্তিৰ নিযুক্তি, পদস্থাপন, পদোন্নতি,বা বদলি নকৰাৰ হেতুত অবৈধ বা বাতিল বুলি গণ্য নহব বা কেতিয়াও অবৈধ বা বাতিল হােৱা বুলি গণ্য কৰা নহ'ব।
 (১০) এই সংবিধানৰ আন কোনাে উপবন্ধত বা সম্প্রতি বলবৎ থকা আন কোনাে বিধিত যিকোনাে কথা থকা সত্ত্বেও, এই অনুচ্ছেদৰ উপবন্ধ সমূহ আৰু ইয়াৰ অধীনত ৰাষ্ট্রপতিয়ে দিয়া কোনাে আদেশ প্ৰভাৱী হব।

অন্ধ্রপ্রদেশত কেন্দ্রীয় বিশ্ববিদ্যালয় স্থাপন। ৩৭১ ঙ। সংসদে বিধিৰ দ্বাৰা অন্ধ্রপ্রদেশ ৰাজ্যত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে উপবন্ধ কৰিব পাৰে।]


চিকিম ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ সমূহ।
 [৩৭১ চ। এই সংবিধানত যিকোনাে কথা থকা সত্ত্বেও,-

 (ক) চিকিম ৰাজ্যৰ বিধান সভা অন্যুন ৩০ জন সদস্যৰে গঠিত হব;

 (খ) সংবিধান (যষ্ঠত্রিংশ সংশােধন) অধিনিয়ম, ১৯৭৫ ৰ (ইয়াৰ পিছত এই অনুচ্ছেদত নিয়ত দিন বুলি উল্লেখ কৰা হৈছে) প্ৰাৰম্ভণিৰ তাৰিখৰ পৰা-

 (i) ১৯৭৪ চনৰ এপ্রিল মাহত চিকিমত অনুষ্ঠিত নির্বাচনৰ ফল স্বৰূপে উক্ত নির্বাচনত নির্বাচিত ৩২ জন সদস্যৰে (ইয়াৰ পিছত বৰ্ত্তমান সদস্য বুলি উল্লেখ কৰা হৈছে) চিকিমৰ বাবে গঠিত এচেম্বলী এই সংবিধানৰ অধীনত যথােচিত ভাবে গঠিত টিকিম ৰাজ্যৰ বিধান সভা বুলি গণ্য কৰা হ’ব;

 (ii) বৰ্ত্তমান সদস্যসকল এই সংবিধানৰ অধীনত যথােচিত ভাবে নির্বাচিত চিকিম ৰাজ্যৰ বিধান সভাৰ সদস্য বুলি গণ্য কৰা হব; আৰু  (iii) চিকিম ৰাজ্যৰ উক্ত বিধান সভাই এই সংবিধানৰ অধীনত এখন ৰাজ্যৰ বিধান সভাৰ ক্ষমতাৱলী প্রয়ােগ কৰিব আৰু কৃত্যসমূহ সম্পাদন কৰিব;

 (গ) খণ্ড (খ) ৰ অধীনত চিকিম ৰাজ্যৰ বিধান সভা বুলি গণ্য কৰা এচেম্বলীৰ ক্ষেত্ৰত অনুচ্ছেদ ১৭২ ৰ খণ্ড (১) ত নিৰ্দ্দেশিত [পাচঁ বছৰ] কালছােৱা [চাৰি বছৰ] কাল নির্দেশিত হােৱা বুলি অর্থ কৰা হব আৰু উক্ত [চাৰি বছৰ] কাল নিয়ত দিনৰ পৰা প্ৰাৰম্ভ হােৱা বুলি গণ্য কৰা হব;

 (ঘ) সংসদে বিধিৰ দ্বাৰা অন্য উপবন্ধ প্রণয়ন নকৰা পর্যন্ত চিকিম ৰাজ্যক লােক সভাৰ এখন আসন বণ্টন কৰা হব আৰু চিকিম ৰাজ্যই এটা সংসদী সমষ্টি গঠন কৰিব আৰু ইয়াক চিকিম সংসদী সমষ্টি বুলি কোৱা হব;

 (ঙ) নিয়ত দিনত বিদ্যমান লােকসভাত চিকিম ৰাজ্যৰ প্রতিনিধিজন চিকিম ৰাজ্যৰ বিধান সভাৰ সদস্যসকলৰ দ্বাৰা নির্বাচিত হব;


১। সংবিধান (যষ্ঠত্রিংশ সংশােধন) অধিনিয়ম, ১৯৭৫ ৰ ধাৰা ৩ ৰ দ্বাৰা অন্তঃস্থাপিত (২৬-৪-৭৫ তাংৰ পৰা)

২। সংবিধান (চতুঃচত্বাৰিংশ সংশােধন) অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ৪৩ৰদ্বাৰা ‘ছয় বছৰ’ আৰু ‘পাচঁ বছৰ’ৰ ঠাইত ‘পাচঁবছৰ’আৰু ‘চাৰিবছৰ’ কৰা হৈছে(৬-৯-৭৯ তাংৰ পৰা)। সংবিধান (দ্বাচত্বাৰিংশ সংশােধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৫৬ ৰ দ্বাৰা পূর্বৰ ‘পাঁচবছৰ’ আৰু ‘চাৰিবছৰ’ৰ ঠাইত ক্রমে 'ছয়বছৰ’ আৰু 'পাঁচবছৰ’ কৰা হৈছিল।