পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৭১ একবিংশ ভাগ-অস্থায়ী, অন্তর্কালীন আৰু বিশেষ উপবন্ধসমূহ-অনুচ্ছেদ ৩৭১ঘ (গ) আদেশটোত যথা বিনির্দিষ্ট এনে শ্ৰেণীৰ কাৰ্যবাহী সমূহ প্রশাসনীয় ন্যায়াধিকৰণ খনলৈ স্থানান্তৰ কৰাৰ উপবন্ধ কৰিব পাৰে যি শ্ৰেণীৰ কাৰ্য্যবাহী ন্যায়াধিকৰণৰ . ক্ষেত্ৰাধিকাৰৰ অধীনস্থ বিষয়ক হয় আৰু সেই আদেশৰ অব্যবহিত পূর্বে কোনাে ন্যায়ালয় (উচ্চতম ন্যায়ালয়ৰ বাহিৰে) বান্যায়াধিকৰণ অথবা আন কোনাে প্রাধিকাৰীৰ ওচৰত বিচাৰাধীন হৈ থাকে। (ঘ) ৰাষ্ট্রপতিয়ে প্রয়ােজনীয় বিবেচনা কৰা অনুযায়ী অনুপূৰক, আনুষঙ্গিক আৰু পৰিণামিক উপবন্ধ সমূহ (ফিজ আৰু পৰিসীমা, সাক্ষ্য অথবা কোনাে ব্যতিক্রম বা সালসলনি সাপেক্ষে তত্কালীন প্ৰৱৰ্ত্তিত কোনাে বিধিৰ প্ৰয়ােগ বিষয়ক উপবন্ধকে ধৰি) অন্তর্বিষ্ট কৰিব পাৰে। (৫) কোনাে বিষয় চূড়ান্তভাবে নিষ্পত্তি কৰি দিয়া প্রশাসনীয় ন্যায়াধিকৰণৰ আদেশ ৰাজ্য চৰকাৰৰ দ্বাৰা দৃঢ়ীকৰণ কৰা হলে বা আদেশ দিয়া তাৰিখৰ পৰা তিনিমাহৰ অৱসান হলে, যিটোৱেই আগতে হয়, কাৰ্যকৰী হবঃ . পৰন্তু, ৰাজ্য চৰকাৰে লিখিত ভাবে দিয়া বিশেষ আদেশৰ দ্বাৰা আৰু তাত উল্লিখিত কাৰণ সমূহৰ নিমিত্তে প্রশাসনীয় ন্যায়াধিকৰণ খনৰ কোনাে আদেশ কাৰ্যকৰী হােৱাৰ পূর্বে সালসলনি বা বাতিল কৰিব পাৰে আৰু এনেকুৱা ক্ষেত্ৰত প্ৰশাসনীয় ন্যায়াধিকৰণ খনৰ আদেশটো, যথাস্থিতি এনে সালসলনিৰ আকাৰত কাৰ্য্যকৰী হব বা কাৰ্যকৰী নহ'ব। (৬) খণ্ড (৫) ৰ পৰন্তুকৰ অধীনত ৰাজ্য চৰকাৰে দিয়া প্রত্যেক আদেশ, ইয়াক দিয়াৰ পিচত যথা সম্ভৱ শীঘ্ৰে, ৰাজ্য বিধান মণ্ডলৰ উভয় সদনতে উপস্থাপন কৰিব লাগিব। (৭) ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ প্ৰশাসনীয় ন্যায়াধিকৰণ খনৰ ওপৰত অধীক্ষণৰ কোনাে ক্ষমতা নাথাকিব আৰু কোনাে ন্যায়ালয়ে (উচ্চতম ন্যায়ালয়ৰ বাহিৰে) বা ন্যায়াধিকৰণে প্ৰশাসনীয় ন্যায়াধিকৰণ খনৰ ক্ষেত্ৰাধিকাৰ, ক্ষমতা বা প্রাধিকাৰৰ অধীনৰ কোনাে বিষয়ৰ সম্বন্ধত বন্যায়াধিকৰণ খনৰ সম্পৰ্কত কোনাে ক্ষেত্ৰাধিকাৰ, ক্ষমতা বা প্রাধিকাৰ প্ৰয়ােগ নকৰিব। (৮) প্রশাসনীয় ন্যায়াধিকৰণ খুন অবিৰত ভাবে থকাটো প্রয়োেজনীয় নহয় বুলি ৰাষ্ট্রপতি সন্তুষ্ট হলে, ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা প্ৰশাসনীয় ন্যায়াধিকৰণ খন বিলােপ কৰিব পাৰিব আৰু এনে আদেশত এনেকৈ বিলােপ কৰণৰু অব্যবহিত পূর্বেন্যায়াধিকৰণৰ ওচৰত বিচাৰাধীন হৈ থকা বিষয় বােৰৰ স্থানান্তৰ আৰু নিষ্পত্তিৰ বাবে তেওঁ উপযুক্ত বিবেচনা কৰা অনুযায়ী উপবন্ধ কৰিব পাৰিব। (৯) কোনাে ন্যায়ালয়, ন্যায়াধিকৰণ বা আন প্ৰাধিকাৰীৰ কোনাে নির্ণয়, ডিক্রী বা আদেশ থকা সত্ত্বেও, - (ক) কোনাে ব্যক্তিৰ - (0) ১৯৫৬ চনৰ ১ নবেম্বৰৰ পূর্বে, সেই তাৰিখৰ পূর্বে স্থিত হায়দৰাবাদ ৰাজ্যৰ চৰকাৰৰ অধীনত, বা হায়দৰাবাদ ৰাজ্যৰ ভিতৰৰ কোনাে স্থানীয় প্রাধিকাৰীৰ কোনাে পদত, বা- (ii) সংবিধান (দ্বাত্রিংশ সংশােধন) অধিনিয়ম, ১৯৭৩ ৰজাৰম্ভণিৰ পূর্বে অন্ধ্রপ্রদেশ ৰাজ্য চৰকাৰৰ অধীনৰ বা অন্ধ্রপ্রদেশ ৰাজ্যৰ ভিতৰৰ কোনাে স্থানীয় বা আন প্ৰাধিকাৰীৰ অধীনৰ কোনো পদত, কৰা কোনাে নিযুক্তি, পদ স্থাপন, পদোন্নতি বা বদলি, আৰু (খ) উপখণ্ড (ক) ত উল্লিখিত কোনাে ব্যক্তিৰ দ্বাৰা বা সন্মুখত লােৱা কোনাে কাৰ্যব্যৱস্থা বা কৃত কোনো কাৰ্য্য,