পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৬৭ একবিংশ ভাগ-অস্থায়ী, অন্তৰ্কালীন আৰু বিশেষ উপবন্ধসমূহ-অনুচ্ছেদ ৩৭১ক (ঘ) যিটো নগালেণ্ডৰ ৰাজ্যপালে সাবজনিক অধিসূচনাৰ দ্বাৰা এই নিমিত্তে বিনির্দিষ্ট কৰে, তেনে তাৰিখৰ পৰা পয়ত্রিশ জন সদস্যৰ সৈতে টিৱেনচাং জিলাৰ বাবে এক আঞ্চলিক পৰিষদ স্থাপিত হব; আৰু নিম্নোক্ত বিষয়ৰ উপবন্ধ কৰি ৰাজ্যপালে তেওঁৰ স্ববিৱেক অনুসৰি নিয়মাৱলী প্রণয়ন কৰিব পাৰে- (i) আঞ্চলিক পৰিষদ সমূহৰ গঠন আৰু যি ৰীতিত আঞ্চলিক পৰিষদৰ সদস্য সকলৰ বাছনি হব সেই ৰীতিঃ পৰন্তু, টিৱেনচাং জিলাৰ উপায়ুক্ত আঞ্চলিক পৰিদৰ পদেন সভাপতি হব আৰু আঞ্চলিক পৰিষদৰ উপ-সভাপতিকতাৰ সদস্য সকলৰ দ্বাৰা তেওঁলােকৰ মাজৰ পৰা নির্বাচিত কৰিব; (i) আঞ্চলিক পৰিষদৰ সদস্যৰূপে বাছনিৰ বাবে আৰু সদস্য হবৰ বাবে অহতা সমূহঃ (ii) আঞ্চলিক পৰিষদৰ সদস্যসকলৰ পদাৱধি আৰু যদি থাকে, তেওঁ লােকক দিবলগীয়া বেতন আৰু ভাত্তাসমূহ (iv) আঞ্চলিক পৰিষদৰ প্ৰক্ৰিয়া আৰু কাৰ্য্য সঞ্চালন (v) আঞ্চলিক পৰিষদৰ পদাধিকাৰী আৰু কৰ্মচাৰী সকলৰ নিযুক্তি আৰু সেৱাৰ চৰ্ত্ত সমূহ আৰু (vi) আন যিকোনাে বিষয় যাৰ সম্পৰ্কত আঞ্চলিক পৰিষদৰ গঠনত আৰু তাৰ উচিত কৃত্য নিবহনৰ বাবে নিয়মাৱলী প্রণয়ন কৰাটো আৱশ্যকীয় হয়। (২) এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও, নগালেণ্ড ৰাজ্য গঠিত হােৱা তাৰিখৰ পৰা দহ বছৰ কালৰ বাবে অথবা এনে অধিক কালৰ বাবে যিটোনেকি আঞ্চলিক পৰিষদৰ চুপাৰিছৰ ওপৰত ৰাজ্যপালে সার্বজনিক অধিসূচনাৰ দ্বাৰা এই মর্মে বিনির্দিষ্ট কৰি দিয়ে, (ক) টিৱেনচাং জিলাৰ প্ৰশাসন ৰাজ্যপালৰ দ্বাৰা কৰা হব; (খ) যেতিয়া নেকি সমস্ত নগালেণ্ড ৰাজ্যৰ আৱশ্যকতা পূৰণৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা নগালেণ্ড চৰকাৰক ধন দিয়া হয়, তেতিয়া ৰাজ্যপালে তেওঁৰ স্ববিৱেকৰে টিৱেনচাং জিলা আৰু ৰাজ্যৰ বাকী অংশৰ মাজত সেই ধনৰ সমতাপূর্ণ বাটোৱাৰা কৰাৰ বাবে উপবন্ধ কৰিব; (গ) যেতিয়ালৈকে আঞ্চলিক পৰিষদৰ চুপাৰিছৰ ওপৰত ৰাজ্যপালে সার্বজনিক অধিসূচনাৰ দ্বাৰা এনে কোনাে নির্দেশ নিদিয়ে তেতিয়ালৈকে নগালেণ্ডৰ বিধান মণ্ডলৰ কোনাে অধিনিয়ম টিৱেচাং জিলাত প্রয়ােগ নহব আৰু এনে কোনাে অধিনিয়মৰ সম্বন্ধত ৰাজ্যপালে এনে নির্দেশ দিওঁতে এই নির্দেশ দিব পাৰে যে টিৱেনচাং জিলা বা তাৰ কোনাে ভাগত সেই অধিনিয়ম প্রয়োগ কৰােতে সেই অধিনিয়মৰ প্ৰভাৱ এনে ব্যতিক্রম আৰু সালসলনিৰ অধীন হব যি বিলাকনেকি আঞ্চলিক পৰিষদৰ চুপাৰিছৰ ওপৰত ৰাজ্যপালে বিনির্দিষ্ট কৰি দিয়েও পৰস্তু, এই উপখণ্ডৰ অধীনত দিয়া কোনাে নির্দেশ এনেদৰে দিব পাৰে যে তাৰ ভূতলক্ষী প্রভাৱ হব; · (ঘ) ৰাজ্যপালে টিৱেণচাং জিলাৰ শান্তি, প্রগতি আৰু সুশাসনৰ বাবে বিনিয়ম প্রণয়ন কৰিব পাৰে আৰু এনেদৰে প্রণয়ন কৰা যিকোনাে বিনিয়মে সেই জিলাত ততু সময় প্রযােজ্য, থকা সংসদৰ যিকোনাে অধিনিয়মৰ বা আন যিকোনাে বিধিৰ নিৰসন বা সংশােধন কৰিব পাৰে আৰু যদি আৱশ্যক হয় তেনেহলে তেনে নিৰসন বা সংশােধনৰ ভূতলক্ষী প্রভাৱ হব পাৰে;