পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নগালেণ্ড ৰাজ্যৰ সম্বন্ধত বিশেষ উপবন্ধ। ভাৰতৰ সংবিধান একবিংশ ভাগ-অস্থায়ী, অন্তৰ্কালীন আৰু বিশেষ উপবন্ধ সমূহ-অনুচ্ছেদ ৩৭১-৩৭১ ক (গ) সমগ্ৰ ৰাজ্যখনৰ আৱশ্যকতাৰ সাপেক্ষে উক্ত সকলােবিলাক ক্ষেত্ৰৰসম্বন্ধত কাৰিকৰী শিক্ষা আৰু ব্যৱসায়িক প্রশিক্ষণৰ বাবে পৰ্যাপ্তসা-সুবিধা সমূহৰ আৰু ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণৰ অধীনত থকা সেৱা সমূহত নিযুক্তিৰ বাবে পৰ্য্যাপ্ত সুযােগ সমূহৰ উপবন্ধ কৰি সমতাপূর্ণ ব্যৱস্থা কৰিবৰ বাবে ৰাজ্যপালৰ কোনাে বিশেষ উত্তৰদায়িত্ব বন্ধ কৰিব পাৰে।] [৩৭১ কা(১) এই সংবিধানত যিকোনাে কথা থকা সত্ত্বেও, (ক) (i) নগা সকলৰ ধৰ্মীয় বা সামাজিক প্রথা সমূহৰ সম্বন্ধত, (ii) নগাৰ ৰীতিগত বিধি আৰু প্ৰক্ৰিয়াৰ সম্বন্ধত, (iii) নগা ৰীতিগত বিধি অনুসাৰে বিনিশ্চয় কৰা চিভিল আৰু দাণ্ডি ক ন্যায় প্রশাসন সম্বন্ধত, (iv) ভূমি আৰু তাৰ সম্পদ ৰাজিৰ স্বামিত্ব আৰু হস্তান্তৰণ সম্বন্ধত, সংসদৰ কোনাে অধিনিয়ম নগালেণ্ড ৰাজ্যত প্রয়ােগ হব নােৱাৰিব যেতিয়ালৈকে নগালেণ্ড বিধান সভাই কোনাে সংকল্পৰ দ্বাৰা তেনে অধিনিয়ম প্রয়ােগ হব বুলি বিনিশ্চয় নকৰে। (খ) নগালেণ্ডৰ ৰাজ্যপালৰ মতে, সেই ৰাজ্যখন গঠিত হােৱাৰ ঠিক পূৰ্ব্বে নগা পাহাৰ টিৱেনচাং অঞ্চলত হােৱা আভ্যন্তৰীণ অশান্তি সমূহ, তাত বা তাৰ কোনাে ভাগত যিমান দিনলৈকেচলি থাকে সিমান দিনলৈকে নগালেণ্ড ৰাজ্যৰ আইন আৰু শৃঙ্খলাৰ সম্বন্ধত নগালেণ্ডৰ ৰাজ্যপালৰ বিশেষ উত্তৰ দায়িত্ব থাকিব আৰু সেই সম্পর্কত তেওঁৰ কৃত্য নির্বহন কৰােতে ৰাজ্যপালে, মন্ত্রী-পৰিষদৰ লগত পৰামৰ্শ কৰাৰ পিছত, কৰিব লগীয়া কাৰ্য্যবাহীৰ সম্বন্ধত তেওঁৰ স্ববিবেচনা প্রয়ােগ কৰিব ? পৰস্তু, যদি এনে কোনাে প্রশ্ন উঠে যে কোনাে এটা বিষয় এনে বিষয় হয়নে নহয় যাৰ সম্বন্ধত এই উপখণ্ডৰ অধীনত ৰাজ্যপালে তেওঁৰ স্ববিবেচনা প্রয়ােগ কৰিবলৈ অপেক্ষিত হয়, তেতিয়া, ৰাজ্যপালে স্ববিবেকৰ দ্বাৰা কৰা হােৱা বিনিশ্চয়েই অন্তিম হব আৰু ৰাজ্যপালৰ দ্বাৰা কৰা হােৱা কোনাে কামৰ মান্যতাৰ বিষয়ে এই আধাৰৰ ওপৰত আপত্তি কৰিব নােৱাৰিব যে তেওঁ স্ববিবেচনা প্রয়ােগ কৰি কাৰ্য্যকৰা উচিত বা অনুচিত আছিল: অধিকন্ত, ৰাজ্যপালৰ পৰা কোনাে প্রতিবেদন পাই বা অন্যথা যদি ৰাষ্ট্রপতি এই বুলি সন্তুষ্ট হয় যে নগালেণ্ড ৰাজ্যৰ আইন আৰু শৃঙ্খলাৰ সম্বন্ধত ৰাজ্যপালৰ বিশেষ উত্তৰদায়িত্ব থকাৰ আৰু আবশ্যক নাই তেনেহলে তেওঁ আদেশৰ দ্বাৰা এই নির্দেশ দিব পাৰে যে সেই আদেশত যথা বিনির্দিষ্ট তাৰিখৰ পৰা ৰাজ্যপালৰ এনে উত্তৰ দায়িত্ব নাথাকিব; (গ) কোনাে অনুদানৰ দাবীৰ সম্বন্ধত তেওঁৰ চুপাৰিছ দিওঁতে নগালেণ্ডৰ ৰাজ্যপালে এইটো সুনিশ্চিত কৰিব যাতে কোনাে বিনির্দিষ্ট সেৱা বা প্রয়ােজনৰ বাবে ভাৰতৰ সঞ্চিত নিধিৰ পৰা ভাৰত চৰকাৰৰ দ্বাৰা দিয়া হােৱা কোনাে ধন সেই সেৱা বা প্রয়ােজন সম্পর্কীয় অনুদানৰ দাবীতহে অন্তর্ভুক্ত কৰা হয় আৰু আন কোনােদাবীৰ ভিতৰত নহয়; ১। সংবিধান (ত্রয়ােদশ সংশােধন) অধিনিয়ম,১৯৬২ ৰ২ ধাৰাৰ দ্বাৰা অস্তস্থাপিত(১-১২-৬৩ তাৰ পৰা)।