পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩৪ I [চতুৰ্দশ ক ভাগ ন্যায়াধিকৰণ প্ৰশাসনিক ন্যায়াধিকৰণ। ৩২৩ ক। (১) সংসদে বিধিৰ দ্বাৰা সংঘৰ বা কোনো ৰাজ্যৰ অথবা ৰাজ্য ক্ষেত্ৰৰ ভিতৰত থকা বা ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণাধীন কোনো স্থানীয় বা অন্য প্ৰাধিকাৰী অথবা চৰকাৰৰ স্বামিত্বৰ বা নিয়ন্ত্ৰণত থকা কোনো নিগমৰ কাৰ্য্যকলাপৰ লগত সম্পৰ্ক থকা লোক সেৱা বা পদত ভৰ্তিকৰণ আৰু তাত নিযুক্ত ব্যক্তিসকলৰ সেৱাৰ চৰ্ত্ত সম্বন্ধীয় বিবাদ বা গোচৰ সমূহ প্ৰশাসনিকন্যায়াধিকৰণৰ দ্বাৰা ন্যায়নিৰ্ণয় বা বিচাৰৰ বাবে উপবন্ধ কৰিব পাৰে। (২) খণ্ড (১) ৰ অধীনত প্ৰণীত বিধিয়ে - (ক) সংঘৰ বাবে এখন প্ৰশাসনিকন্যায়াধিকৰণ আৰু প্ৰত্যেক ৰাজ্যৰ বাবে অথবা দুইবা ততোধিক ৰাজ্যৰ বাবে একোখন পৃথক পৃথক প্ৰশাসনিক ন্যায়াধিকৰণ স্থাপনৰ বাবে উপবন্ধ কৰিব পাৰিব; (খ) উক্ত ন্যায়াধিকৰণৰ দ্বাৰা প্ৰয়োগ কৰিবলগীয়া ক্ষেত্ৰাধিকাৰ, ক্ষমতা (অৱমাননাৰ বাবে দণ্ড দিয়াৰ ক্ষমতাও অন্তৰ্ভুক্ত কৰিী আৰু প্ৰাধিকাৰ বিনিৰ্দিষ্ট কৰিব পাৰিব; (গ) উক্ত ন্যায়াধিকৰণ বিলাকে অনুসৰণ কৰিবলগীয়া প্ৰক্ৰিয়াৰ (পৰিসীমা আৰু সাক্ষ্যৰ নিয়মৰ বিষয়ে উপবন্ধ অন্তৰ্ভুক্ত কৰি) উপবন্ধ কৰিব পাৰিব; (ঘ) খণ্ড (১) ত উল্লিখিত বিবাদ বা গোচৰ সমুহৰ সম্বন্ধত অনুচ্ছেদ ১৩৬ ৰ অধীনত থকা উচ্চতমন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ বাহিৰে সকলো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ বহিৰ্ভুত কৰিব পাৰিব; (ঙ) এনে প্ৰত্যেক প্ৰশাসনিক ন্যায়াধিকৰণলৈ এনে মোকদ্দমা হস্তান্তৰণ কৰাৰ বাবে উগবন্ধ কৰিব পাৰিব যিবিলাক নেকি এনে ন্যায়াধিকৰণ স্থাপন কৰাৰ অব্যৱহিত পূৰ্ব্বে কোনো ন্যায়ালয় বা অন্য প্ৰাধিকাৰীৰ ওচৰত বিচাৰাধীন হৈ থাকে আৰু যিবিলাক বাদ হেতুকৰ ওপৰত এনে বাদ বা কাৰ্যবাহী আধাৰিত সেইবোৰ এনেন্যায়াধিকৰণ স্থাপনৰ পিচত উদ্ভৱ হোৱা হলে তেনে ন্যায়াধিকৰণৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত হ'লহেতেন; (চ) ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুচ্ছেদ ৩৭১ ঘৰ খণ্ড (৩) ৰ অধীনত দিয়া কোনো আদেশৰ নিৰসন বা সংশোধন কৰিব পাৰিব; (ছ) এনে অণুপূৰক আনুষঙ্গিক আৰু পাৰিণামিক উপবন্ধ (মাচুল সম্বন্ধীয় উপবন্ধও অন্তৰ্ভুক্ত কৰি) অন্তৰ্বিষ্ট কৰিব পাৰিব যিবিলাক নেকি এনেন্যায়ধিকৰণে প্ৰভাৱশীলভাৱে কৃত্য নিৰ্বহন কৰিবৰ বাবে, মোকদ্দমা দ্ৰুত বিনিশ্চয় কৰিবৰ বাবে আৰু ন্যায়াধিকৰণৰ আদেশসমূহ বলবৎকৰিবৰ বাবে সংসদে আৱশ্যক বুলি গণ্য কৰে। (৩) এই সংবিধানৰ আন কোনো উপবন্ধত অথবা তৎকালীন বলবৎ থকা আন কোনো বিধিত যিকোনো কথা থকা সত্ত্বেও এই অনুচ্ছেদৰ উপবন্ধ সমূহ প্ৰভাৱী হব। ৩২৩ খ। (১) সমুচিত বিধান মণ্ডলে বিধিৰ দ্বাৰা এনে বিবাদ, গোচৰ বা অপৰাধৰ ন্যায়াধিকৰণৰ দ্বাৰা ন্যায়নিৰ্ণয় বা বিচাৰৰ বাবে উপবন্ধ কৰিব পাৰে যিবিলাকনেকি খণ্ড (২) ত বিনিৰ্দিষ্ট সকলো বা যিকোনোটো বিষয়ৰ লগত সম্বন্ধিত হয় আৰু যিবিলাকৰ সম্বন্ধত তেনে বিধান মণ্ডলৰ বিধি প্ৰণয়নৰ ক্ষমতা থাকে। (২) নিম্নলিখিত সমূহেই খণ্ড (১) ত নিৰ্দেশিত বিষয়, অৰ্থাৎ ঃ- (ক) কোনো কৰ উদ্গ্ৰহণ, নিৰ্দ্ধাৰণ, সংগ্ৰহণ আৰু প্ৰবৰ্তন; অন্য বিষয়ৰ বাবে ন্যায়াধিকৰণ। ১। সংবিধান (দ্বাচত্বৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৪৬ ৰ দ্বাৰা অন্তঃস্থাপিত (৩- ১-৭৭ তাংৰ পৰা)।