পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান

চতুৰ্দশ ভাগ-সংঘ আৰু ৰাজ্য সমূহৰ অধীনস্থ সেবা সমূহ - অনুচ্ছেদ ৩২০-৩২৩ পৰন্তু, সৰ্ব ভাৰতীয় সেৱাৰ সম্বন্ধত আৰু সংঘৰ কামৰ লগত জড়িত থকা অন্যান্য সেৱা আৰু পদৰ সম্বন্ধত ৰাষ্ট্ৰপতিয়ে আৰু আন কোনো ৰাজ্যৰ কামৰ লগত জড়িত থকা অন্যান্য সেৱা আৰু পদৰ সম্বন্ধত, ৰাজ্যপালে [* * * ] সাধাৰণতে কোনবোৰ বিষয়ত বা কোনবোৰ বিশেষ। শ্ৰেণীৰ বিষয়ত নাইবা কোনবোৰ বিশেষ অৱস্থাত কোনো লোক সেৱা আয়োগৰ লগত মন্ত্ৰণা কৰিবৰ আৱশ্যক নকৰে সেই বিষয়বোৰ বিনিৰ্দিষ্ট কৰি বিনিয়ম প্ৰস্তুত কৰিব পাৰে। (৪) খণ্ড (৩)ৰ কোনো কথাৰ দ্বাৰা এইটো অপেক্ষিত নহয় যে কি ৰীতিত অনুচ্ছেদ ১৬ ৰ খণ্ড (৪).ত নিৰ্দেশিত কোনো উপবন্ধ প্ৰস্তুত কৰিব লাগিলে সেই সম্বন্ধে অথবা কি ৰীতিৰে অনুচ্ছেদ ৩৩৫ ৰ উপবন্ধ সমূহ কাৰ্য্যকৰী কৰিব লাগিব সেই সম্বন্ধে লোক সেবা আয়োগব লগত পৰামৰ্শ কৰিব লাগিব।

(৫) খণ্ড (৩) ৰ উপবন্ধুৰ অধীনত ৰাষ্ট্ৰপতিয়ে বা কোনো ৰাজ্যৰ ৰাজ্যপালে [ * * *

  • ] কৰা সকলো বিনিয়ম, সেইবোৰ কৰাৰ পিচত যথা সম্ভৱ শীঘ্ৰে, সংসদ প্ৰত্যেক সদনৰ আগত

বা যথাস্থিতি মতে, সেই ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ আগত বা প্ৰত্যেক সদনৰ আগত অন্যূন চৈধ্য দিনৰ বাবে ৰাখিব আৰু সেই বিনিয়মসমূহ তেনে ভাবে ৰখা অধিবেশনৰ ভিতৰতে সংসদৰ দুয়োখন সদনে বা সেই ৰাজ্যৰ বিধান মণ্ডলৰ সদনে বা দুয়োখন সদনে নিৰসনৰ বা সংশোধনৰ দ্বাৰা কৰা পৰিবৰ্ত্তন সাপেক্ষ হব। ৩২১। যথাস্থিতি, সংসদৰ দ্বাৰা বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো অধিনিয়মে লোক সেৱা সংঘ বা ৰাজ্যৰ সেৱাৰ সম্বন্ধত আৰু তদুপৰি কোনো স্থানীয় প্ৰাধিকাৰী বা বিধিযোগে গঠিত হোৱা আয়োগৰ কৃত্য আন নিগম নিকায় বা কোনো সাৰ্বজনিক সংস্থাৰ সম্বন্ধত সংঘ-লোক সেৱা আয়োগৰ দ্বাৰা বা ৰাজ্য- 'সমূহ বিস্তাৰ কৰ লোক সেৱা আয়োগৰ দ্বাৰা অতিৰিক্ত কৃত্য নিৰ্বহন কৰিবলৈ উপবন্ধ কৰিব পাৰে। ক্ষমতা। ৩২২। আয়োগৰ সদস্যসকলক বা কৰ্মচাৰী বৃন্দক বা তেওঁলোকৰ সম্বন্ধত শোধ কৰিবলগীয়া লোক সেৱা আয়োগ কোনো বেতন, ভাত্তা আৰু তাৱসৰ বেতনকে ধৰি সংঘ বা কোনো ৰাজ্য-লোক সেৱা আয়োগৰ সমূহৰ ব্যয়। ব্যয়ৰ ভাৰ যথাস্থিতি মতে, ভাৰতৰ সঞ্চিত নিধি বা সেই ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত আৰোপিত ৩২৩।(১) সংঘ - আয়োগে কৰা কামৰ বিষয়ে ৰাষ্ট্ৰপতিৰ ওচৰত বছৰি একোখন প্ৰতিবেদন লোক সেৱা দাখিল কৰাটো সংঘ-আয়োগৰকৰ্তব্য হব আৰু তেনে প্ৰতিবেদন পোৱাৰ পিচত ৰাষ্ট্ৰপতিয়ে সংসদৰ আয়োগ সমূহৰ প্ৰত্যেক সদনতে তাৰ একোটা প্ৰতিলিপি আৰু তাৰ লগতে যদিহে কেতিয়াবা আয়োগৰু মন্ত্ৰণা গ্ৰহণ প্ৰতিবেদন সমূহ। কৰা হোৱা নাই তেনেহলে তেনে বিষয়ত কিয় গ্ৰহণ কৰা নহল তাৰ কাৰণ ব্যাখ্যা কৰি একোখন জ্ঞাপন দাখিল কৰাব। (২) ৰাজ্য-আয়োগৰ কামৰ বিষয়ে সেই ৰাজ্যৰ ৰাজ্যপালৰ [ * * * * * *] ওচৰত বছৰি একোখন প্ৰতিবেদন দাখিল কৰাটো কোনো ৰাজ্য-আয়োগৰ কৰ্ত্তব্য হব আৰু যুটীয়া আয়োগে যিবোৰ ৰাজ্যৰ আৱশ্যকতাৰ সেৱা কৰিছে তেনে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালৰ [* * * * *.* ] ওচৰত আয়োগে সেই ৰাজ্যৰ সম্পৰ্কত কৰা কামৰ বিষয়ে বাৰ্ষিক প্ৰতিবেদন একোখন দাখিল কৰাটো যুটীয়া আয়োগৰ কৰ্ত্তব্য হব আৰু এই দুয়োটা ক্ষেত্ৰতে, ৰাজ্যপালে [* * * * * * ] তেনে প্ৰতিবেদন পোৱাৰ পিচত সেই ৰাজ্যৰ বিধান মণ্ডলত তাৰে প্ৰতিলিপি একোটা আৰু তাৰ লগতে, যদিহে কেতিয়াবা আয়োগৰ মন্ত্ৰণা গ্ৰহণ কৰা হোৱা নাই, তেনেহলে তেনে বিষয়ত কিয় গ্ৰহণ কৰা নহ'ল তাৰ কাৰণ ব্যাখ্যা কৰি একোখন জ্ঞাপন দাখিল কৰাব। ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “বাৰাজপ্ৰমুখ যথাস্থিতি মতে,” এই শব্দ সমূহ লোপ কৰা হৈছে। ২।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “বাৰাজপ্ৰমুখ” শব্দ সমূহ লোপ কৰা হৈছে। '