পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১৩৫

চতুৰ্দশ ক ভাগ-ন্যায়াধিকৰণ - অনুচ্ছেদ ৩২৩ খ (খ) বিদেশী মুদ্ৰা, শুল্ক সীমান্তৰ ইপাৰে-সিপাৰে আমদানি আৰু ৰপ্তানি; (গ) ঔদ্যোগিক আৰু শ্ৰম বিবাদ। (ঘ) ৰাজ্যৰ দ্বাৰা অনুচ্ছেদ ৩১ ক ত পৰিভাষিত কোনো সম্পদা বা তাত থকা কোনো অধিকাৰ অৰ্জনৰ দ্বাৰা বা তেনে অধিকাৰ বিলোপন বা সাল-সলনিৰ দ্বাৰা অথবা কৃষি - ভূমিৰ ওপৰত অধিকতম সীমা নিৰ্ধাৰণৰ দ্বাৰা বা আন কোনো প্ৰকাৰে ভূমি সংস্কাৰ; (ঙ) নগৰীয়া সম্পত্ৰি অধিকতম সীমা; (চ) সংসদৰ যিকোনোটো সদনলৈ অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা যিকোনোটো সদনলৈ নিৰ্বাচন, কিন্তু অনুচ্ছেদ ৩২৯ আৰু অনুচ্ছেদ ৩২৯ কত নিৰ্দেশিত বিষয়সমূহ বাদ দি। (ছ) খাদ্য সামগ্ৰীৰ খোৱা তেলৰ গুটি আৰু খোৱা তেলক অন্তৰ্ভুক্ত কৰি) আৰু ৰাষ্ট্ৰপতিয়ে এই অনুচ্ছেদৰ প্ৰয়োজনৰ বাবে চৰকাৰী অধিসূচনাৰ দ্বাৰা অত্যাৱশ্যকীয় সামগ্ৰী বুলি ঘোষণা কৰা তেনে আন সামগ্ৰী সমূহৰ উৎপাদন আহৰণ আৰু যোগান আৰু তেনে সামগ্ৰীসমূহৰ মূল্য নিয়ন্ত্ৰণ; [(জ)] ভাৰা, ইয়াৰ বিনিয়মন আৰু নিয়ন্ত্ৰণ আৰু ভাৰতীয়াস্বত্ব সম্বন্ধীয় বিবাদ্যক গৃহস্বামী আৰু ভাৰতীয়াসকলৰ অধিকাৰ, স্বত্ব আৰু হিত অন্তৰ্ভুক্ত কৰি; [] উপখণ্ড (ক)ৰ পৰা-[(জ)] লৈ বিনিৰ্দিষ্ট বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত বিধিৰ বিৰুদ্ধে অপৰাধ সমূহ আৰু সেই বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধিত মাচুল; [ ] উপখণ্ড (ক) ৰ পৰা [(ঝ)] লৈ বিনিৰ্দিষ্ট বিষয় সমূহৰ যিকোনোটোৰ আনুষঙ্গিক কোনো বিষয়। (৩) খণ্ড (১) ৰ অধীনত প্ৰণীত বিধিয়ে – (ক) ন্যায়াধিকৰণ সমূহৰ পদানুক্ৰম স্থাপন কৰিবলৈ উপবন্ধ কৰিব পাৰে; (খ) উক্ত ন্যায়াধিকৰণ সমূহৰ প্ৰত্যেকৰদ্বাৰা প্ৰয়োগ কৰিবলগীয়া ক্ষেত্ৰাধিকাৰ, ক্ষমতা(অৱমাননাৰ বাবে দণ্ড দিয়াৰ ক্ষমতা অন্তৰ্ভুক্ত কবি) আৰু প্ৰাধিকাৰ বিনিৰ্দিষ্ট কৰিব পাৰে; (গ) উত্ত, ন্যায়াধিকৰণ সমূহে অনুসৰণ কৰিব লগীয়া প্ৰক্ৰিয়াৰ (পৰিসীমা আৰু সাক্ষ্যৰ নিয়মৰ উপবন্ধ অন্তৰ্ভুক্ত কৰি) উপবন্ধ কৰিব পাৰে; (ঘ) উক্ত ন্যায়াধিকৰণ সমূহৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত অহা সকলোেবা যিকোনোটো বিষয়ৰ সম্বন্ধত অনুচ্ছেদ ১৩৬ ৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ বাহিৰে আন সকলো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ বহিৰ্ভূত কৰিব পাৰে; (ঙ) এনে প্ৰত্যেক ন্যায়াধিকৰণলৈ এনে মোকদ্দমা হস্তান্তৰণ কৰাৰ বাবে উপবন্ধ কৰিব পাৰে - যিবিলাকনেকি এনে ন্যায়াধিকৰণ স্থাপন কৰাৰ অব্যৱহিত পূৰ্বে কোনো ন্যায়ালয় বা অন্য প্ৰাধিকাৰীৰ ওচৰত বিচাৰাধীন হৈ থাকে আৰু যিবিলাক বাদ হৈতুকৰ ওপৰত এনে বাদ বা কাৰ্য্যবাহী আধাৰিত সেইবোৰ এনে ন্যায়াধিকৰণ স্থাপনৰ পিচত উদ্ভৱ হোৱা হলে তেনে ন্যায়াধিকৰণৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত হ'লহেতেন; ' (চ) এনে অনুপূৰক, আনুষাঙ্গিক আৰু পাৰিণামিক উপবন্ধ (মাচুল সম্বন্ধীয় উপবন্ধও অন্তৰ্ভুক্ত কৰি) অন্তৰ্বিষ্ট কৰিব পাৰে যিবিলাকনেকি এনে ন্যায়াধিকৰণে প্ৰভাৱশীল ভাবে কৃত্য নিৰ্বহন কৰিবৰ বাবে, মোকদ্দমাৰ দ্ৰুত বিনিশ্চয় কৰিবৰ বাবে আৰু ন্যায়াধিকৰণৰ আদেশ সমূহ বলবৎ কৰিবৰ বাবে সমুচিত বিধান মণ্ডলে আৱশ্যক বুলি গণ্য কৰে। (৪) এই সংবিধানৰ আন কোনো উপবন্ধত অথবা তকালীন বলবৎ থকা আন কোনো বিধিত যিকোনো কথা থকা সত্ত্বেও এই অনুচ্ছেদৰ উপবন্ধসমূহ প্ৰভাবী হব। স্পষ্টীকৰণঃ- এই অনুচ্ছেদত যিকোনো বিষয়ৰ সম্বন্ধত “সমুচিত বিধান মণ্ডল” পদে ভাগ'একাদশৰ উপবন্ধ সমূহৰ অনুসৰি তেনে বিষয় সমূহৰ সম্বন্ধত বিধি প্ৰণয়ন কৰিবলৈ সক্ষম হোৱা সংসদক বা কোনো ৰাজ্যিক বিধান মণ্ডলক বুজাব)] ১। সংবিধান (পঞ্চ সপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯৩ ৰ দ্বাৰা অন্তঃস্থাপিত (১৫-৫-১৯৯৪ ৰ পৰা প্ৰভাৱী হোৱাকৈ)। ২। একে অধিনিয়মৰ দ্বাৰা উপখণ্ড (জ) আৰু (ঝ) ক (ঝ) আৰু (ঞ) ৰূপে পুনঃঅক্ষঙ্কিত কৰা হৈছে (১৫-৫-১৯৯৪ ৰ পৰা প্ৰভাৱী হোৱাকৈ)। ৩া একে অধিনিয়মৰ দ্বাৰা বন্ধনী আৰু আখৰ “(ছ)”ৰ বাবে প্ৰতিষ্ঠাপিত (১৫-৫-১৯৯৪ ৰ পৰা প্ৰভাৱী হোৱাকৈ)। ৪। একে অধিনিয়মৰ দ্বাৰা বন্ধনী আৰু আখৰ “(জ)”ৰ বাবে প্ৰতিষ্ঠাপিত (১৫-৫-১৯৯৪ ৰ পৰা প্ৰভাৱী হোৱাকৈ ) 1 1