পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩০

ভাৰতৰ সংবিধান চতুৰ্দশ ভাগ -সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ - অনুচ্ছেদ -৩১৬-৩১৭ সদস্য সকলৰ নিযুক্তি ৩১৬1(১) সংঘ-আয়োগ বা কোনো সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিৰ দ্বাৰা আৰু ৰাজ্য- আৰু পদাধি। আয়োগৰ বেলিকা সেই ৰাজ্যৰ ৰাজ্যপালৰ [ ] দ্বাৰা লোক সেৱা আয়োগৰ অধ্যক্ষ আৰু অন্যান্য সদস্যসকল নিযুক্ত হবঃ পৰস্তু, প্ৰত্যেক লোক সেৱা আয়োগতে যথা সম্ভৰ নিকটতম অৰ্ধেক সদস্য এনে ব্যক্তি হব লাগিব যি সকলে নিজ নিজ নিযুক্তিৰ তাৰিখত কম পক্ষেও দহ বছৰ কাল ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত পদ গ্ৰহণ কৰি আহিছে আৰু সেই দহ বছৰ কাল সংগণনা কৰোতে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে যি কালছোৱাত কোনো ব্যক্তিয়ে সম্ৰাটৰ অধীনত ভাৰতত বা কোনো ভাৰতীয় ৰাজ্যৰ চৰকাৰৰ অধীনত পদ ধাৰণ কৰি আহিছে সেই কালছোৱাও ইয়াৰ অন্তৰ্ভুক্ত হব। ২[ (১ক) যদি আয়োগৰ অধ্যক্ষ পদ ৰিক্ত হয় বা যদি এনে কোনো অধ্যক্ষই অনুপস্থিতিৰ কাৰণে বা আন যিকোনো কাৰণে তেওঁৰ পদ-কৰ্ত্তব্য পালন কৰিবলৈ অসমৰ্থ হয়, তেনেহলে যেতিয়ালৈকে সেই ৰিক্ত পদত খণ্ড (১)ৰ অধীনত নিযুক্ত কোনো ব্যক্তিয়ে কৰ্তব্য ভাৰগ্ৰহণ নকৰে অথবা যথাস্থিতি মতে যেতিয়ালৈকে অধ্যক্ষই তেওঁৰ কৰ্তব্য পুনৰ গ্ৰহণ নকৰে তেতিয়ালৈকে সেই কৰ্তব্য সমূহ আয়োগৰ আন সদস্য সকলৰ ভিতৰত এনেকুৱা এজন সদস্যই পালন কৰিব যাকনেকি সংঘ-আয়োগ বা সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্য-আয়োগৰ বেলিকা ৰাজ্যৰ ৰাজ্যপালে সেই প্ৰয়োজনৰ বাবে নিযুক্ত কৰে। (২) লোক সেৱা আয়োগৰ কোনো সদস্যই তেওঁৰ নিজৰ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা ছবছৰলৈ অথবা সংঘ-আয়োগৰ বেলিকা তেওঁৰ বয়স পয়ষষ্ঠি বছৰ নোহোৱালৈকে, আৰু কোনো ৰাজ্য- আয়োগ বা কোনো সংযুক্ত আয়োগৰ বেলিকা তেওঁৰ বয়স [বাষষ্ঠি বছৰ) নোহোৱালৈকে, ইয়াৰ যিটোৱেই সোনকালে হয় তেতিয়ালৈকে তেওঁৰ পদ ধাৰণ কৰিবঃ পৰপ্ত- (ক) কোনো লোক সেৱা আয়োগৰ সদস্যই সংঘ-আয়োগ বা সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিলৈ আৰু কোনো ৰাজ্য-আয়োগৰ বেলিকা সেই ৰাজ্যৰ ৰাজ্যপাললৈ [. 1 সম্বোধিত স্বহস্ত লিখনৰ দ্বাৰা তেওঁৰ পদ ত্যাগ কৰিব পাৰে। ম (খ) কোনো লোক সেৱা আয়োগৰ কোনো সদস্যক অনুচ্ছেদ ৩১৭ ৰ খণ্ড (১) ভ বা খণ্ড (৩) ত উপবন্ধিত ৰীতি অনুসৰি তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব পাৰে। (৩) কোনো 'লোক সেৱা আয়োগৰ সদস্য পদ ধাৰণ কৰি থকা কোনো ব্যক্তি, তেওঁৰ পদাবধি অন্ত পৰিলে সেই পদত পুনঃ নিযুক্তিৰ কাৰণে অপাত্ৰ হব। ৩১৭।(১) খণ্ড (৩) ৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো লোক সেৱা আয়োগৰ অধ্যক্ষক বা আন কোনো সদস্যক, কদাচাৰৰ কাৰণত, ৰাষ্ট্ৰপতিয়ে সেই বিষয়ে উচ্চতম ন্যায়ালয়লৈ নিৰ্দেশিত কৰাৰ পিচত অনুচ্ছেদ ১৪৫ ত বিহিত প্ৰক্ৰিয়া মতে চলোৱা তদন্তৰ অন্তত উচ্চতম ন্যায়ালয়ে যথাস্থিতি মতে, সেই অধ্যক্ষক বা তেনে আন কোনো সদস্যক তেনে কোনো কাৰণত অপসাৰণ কৰা উচিত বুলি প্ৰতিবেদন দিয়াৰ পিছত কেৱলৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব। কোনো লোক সেৱী আয়োগৰ কোনো সদস্যৰ অপসাৰণ আৰু নিলম্বন। ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা বা ৰাজপ্ৰমুখ’ শব্দ সমুহ লোপ কৰা হৈছে। ২। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ১১ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ৩। সংবিধান (একচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ২ ৰ দ্বাৰা ‘যাঠি বছৰৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত। ৪।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা বাৰাজপ্ৰমুখ শব্দ সমূহ লোপ কৰা হৈছে।