পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ভাৰতৰ সংবিধান চতুৰ্দশ ভাগ -সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ-অনুচ্ছেদ-৩১৭-৩১৯ (২) আয়োগৰ অধ্যক্ষক বা এনে কোনো সদস্যক যাৰ সম্বন্ধত খণ্ড (১) ৰ অধীনত উচ্চতম ন্যায়ালয়লৈ নিৰ্দেশিত কৰা হয়, তেনে নিৰ্দেশ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰা প্ৰতিবেদন পাই ৰাষ্ট্ৰপতিয়ে আদেশ নিদিয়ালৈকে সংঘ-আয়োগ বা কোনো সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিয়ে আৰু কোনো ৰাজ্য-আয়োগৰ বেলিকা ৰাজ্যপালে [

  • } পদৰ পৰা নিলম্বন

কৰিব পাৰে। (৩) খণ্ড(১) ত যিকোনো কথা থকা সত্ত্বেও ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা কোনো লোকসেৱা আয়োগৰ অধ্যক্ষক বা কোনো সদস্যক পদৰ পৰা অপসাৰণ কৰিব পাৰিব যদিহে যথাস্থিতি মতে, সেই অধ্যক্ষ বা তেনে সদস্য- (ক) দেউলীয়া বুলি ন্যায়নিৰ্ণীত হয়; বা (খ) তেওঁৰ পদাবধিৰ ভিতৰত নিজৰ পদৰ কৰ্তব্যৰ বাহিৰত তেওঁ কোনো বেতনভোগী নিযুক্তিত থাকে; বা (গ) ৰাষ্ট্ৰপতিৰ ৰায় মতে মন বা শৰীৰৰ দূৰ্বলতাৰ কাৰণে কাম চলাই থকাৰ অযোগ (৪) ভাৰত চৰকাৰৰ দ্বাৰা বা ওৰফে অথবা কোনো ৰাজ্যৰ চৰকাৰৰ দ্বাৰা বা ওৰফে কৰা হোৱা কোনো সংবিদা বা কৰাৰত কিবা প্ৰকাৰে সংশ্লিষ্ট বা স্বাৰ্থ জড়িত থাকিলে বা তাৰ পৰা পোৱা লাভৰ বা তাৰ পৰা উদ্ভৱ হোৱা উপকাৰ বা উপলব্ধিৰ বিষয়ত, কোনো নিগমিত কোম্পানীৰ সদস্য হিচাপে আৰু আন সদস্য সকলৰ লগত উমৈহতীয়া ভাবে অংশ গ্ৰহণ কৰাৰ বাহিৰে আন কিবা প্ৰকাৰে লোক সেৱা আয়োগৰ অধ্যক্ষই বা আন কোনো সদস্যই কিবা অংশ গ্ৰহণ কৰিলে খণ্ড (১) ৰ প্ৰয়োজন সমূহৰ কাৰণে তেওঁ কদাচাৰৰ বাবে দোষী বুলি গণ্য হব। ৩১৮। সংঘ-আয়োগ বা সংযুক্ত আয়োগৰ সম্বন্ধত ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্য-আয়োগৰ সম্বন্ধত আয়োগৰ সদস্য সেই ৰাজ্যৰ ৰাজ্যপালে [ *

  • ] বিনিয়মৰ দ্বাৰা—

সকলৰ আৰু কৰ্মচাৰী বৃৰ সেৱাৰ চৰ্ত্ত (ক) আয়োগৰ সদস্য সংখ্যা আৰু তেওঁলোকৰ সেৱাৰ চৰ্ত্ত সমূহ নিৰ্ধাৰণ কৰিব পাৰে সমূহৰ বিষয়ে বিনিয়ম আৰু প্ৰণয়ন ক্ষমতা। (খ) আয়োগৰ কৰ্মচাৰী বৃন্দৰ সংখ্যা আৰু তেওঁলোকৰ সেৱাৰ চৰ্ত্ত সমূহৰ সম্বন্ধত উপবন্ধ কৰিব পাৰে। পৰন্তু, কোনো লোক সেৱা আয়োগৰ কোনো সদস্যৰু সেৱাৰ চৰ্ত্ত সমূহ তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ প্ৰতিকূলে কোনো পৰিৱৰ্তন কৰা নহব। ৩১৯। পদ ধাৰণৰ সমাপ্তি হলে --- আয়োগৰ সদস্য সকলে তেনে সদস্য (ক) সংঘ-লোক সেৱা আয়োগৰ অধ্যক্ষ ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ পদৰ সমাপ্তিত আন .. চৰকাৰৰ অধীনত পুনৰ নিযুক্তিৰ কাৰণে অপাত্ৰ হব; পদ ধাৰণ কৰা (খ) কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষ, সংঘ-লোক সেৱা আয়োগৰ অধ্যক্ষ নিষেধ। বা আন কোনো সদস্য হিচাপে নাইবা আন কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাত্ৰ হব, কিন্তু ভাৰত চৰকাৰ বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত আন কোনো নিযুক্তিৰ বাবে পাত্ৰ হব নোৱাৰিব; ১।সংবিধান (সপ্তম সংশোধন) অধিনিয়ম,১৯৫৬ৰ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা বাৰাজপ্ৰমুখ শব্দ সমূহ লোপ কৰা হৈছে।