পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৬ একাদশ ভাগ সংঘ আৰু ৰাজ্যসমূহৰ সম্বন্ধ প্ৰথম অধ্যায় –বিধায়িনী সম্বন্ধ বিধায়িনী ক্ষমতাৰ বিতৰণ ২৪৫।(১) এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, সংসদে ভাৰতৰ সম্পূৰ্ণ ৰাজ্যক্ষেত্ৰ বা তাৰ যিকোনো ভাগৰ কাৰণে বিধি প্ৰণয়ন কৰিব পাৰে আৰু কোনো ৰাজ্যৰ বিধান মণ্ডলে সেই সম্পূৰ্ণ ৰাজ্য বা তাৰ যিকোনো ভাগৰ কাৰণে বিধি প্ৰণয়ন কৰিব পাৰে। সংসদ তথা ৰাজ্যৰ বিধান মণ্ডলসমূহৰদ্বাৰা প্ৰণীতবিধিৰ বিস্তৃতি। (২)সংসদৰ দ্বাৰা কৃত কোনো বিধি এইভিত্তিত অবিধিমান্য বুলি গণ্য কৰা নহব যে ইয়াৰ প্ৰৱৰ্তন ৰাজ্য-ক্ষেত্ৰাতীত হব। ২৪৬(১) খণ্ড (২) আৰু (৩) ত যিকোনো কথা থকা সত্ত্বেও সপ্তম অনুসূচীৰ সুচী ১ত প্ৰগণিত (এই সংবিধানত ‘সংঘ-সূচী’বুলি নিৰ্দেশিত) বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত সংসদ বিধি প্ৰণয়ন কৰাৰ অনন্য ক্ষমতা আছে। সংসদৰদ্বাৰা আৰু ৰাজ্যৰ বিধান মণ্ডলসমূহৰদ্বাৰা প্ৰণীতবিধিৰ বিষয়বস্তু। (২) খণ্ড (৩)ত যিকোনোকথা থকা সত্ত্বেও সংসদৰ, আৰু খণ্ড (১)ৰ সাপেক্ষে [****] কোনো ৰাজ্যৰ বিধান মণ্ডলৰৰ, সপ্তম অনুসূচীৰ সূচী ৩ত প্ৰগণিত (এই সংবিধানত সমৱৰ্ত্তী-সূচী বুলি নিৰ্দেশিত) বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত বিধি প্ৰণয়ন কৰাৰ ক্ষমতা আছে। (৩) খণ্ড (১) আৰু (২)ৰ সাপেক্ষে [* * * *কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সেই ৰাজ্য বা তাৰ যিকোনো ভাগৰ কাৰণে সপ্তম অনুসূচীৰ সূচী ২ত প্ৰগণিত (এই সংবিধানত ৰাজ্যসূচী’বুলি নিৰ্দেশিত) বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত বিধি প্ৰণয়ন কৰাৰ অনন্য ক্ষমতা আছে। (৪) তেনে বিষয় ৰাজ্যসূচীত প্ৰগণিত বিষয় হোৱা সত্ত্বেও সংসদৰ [ কোনো ৰাজ্যৰ] অন্তৰ্ভুক্ত নোহোৱা ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো ভাগ বিশেষৰ কাৰণে তেনে যিকোনো বিষয়ৰ সম্বন্ধত বিধি প্ৰণয়ন কৰাৰ ক্ষমতা আছে। ২৪৭।এই অধ্যায়ত যিকোনো কথা থকা সত্ত্বেও, সংঘ-সূচীত প্ৰগণিত কোনো বিষয়ৰ সম্বন্ধত। সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ বা বিদ্যমান কোনো বিধিৰ অপেক্ষাকৃত সুপ্ৰশাসনৰ কাৰণে সংসদে বিধিৰ দ্বাৰা কোনো অতিৰিক্ত ন্যায়ালয় স্থাপনৰ বাবে উপবন্ধ কৰিব পাৰে। কিছুমান অতিৰিক্ত ন্যায়ালয় স্থাপনৰ কাৰণেউপবন্ধ কৰিবলৈ সংসদ বিধি প্ৰণয়ন অবশিষ্ট। ২৪৮(১)সংসদৰ সমৱৰ্ত্তী-সূচী ৰাজ্য-সূচীত প্ৰগণিত নোহোৱা যিকোনো বিষয়ৰ সম্বন্ধত কোনো বিধি প্ৰণয়ন কৰাৰ অনন্য ক্ষমতা আছে। ক্ষমতাসমূহ। (২) সেই দুয়োখন সূচীৰ কোনো খনতে উল্লেখ নথকা কোনোকৰাৰোপণ কৰিবলৈ কোনো বিধি প্ৰণয়ন কৰাৰ ক্ষমতাও তেনে ক্ষমতাৰ অন্তৰ্গত হব। ১। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীৰক বা খ ভাগত নিৰূপিত এই শব্দ আৰু অখৰ সমূহ লোপ কৰা হৈছে। ২। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘প্ৰথম অনুসূচীৰ কবা খ ভাগত নিৰূপিত’এই শব্দ আৰু অক্ষৰ সমূহৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত কৰা হৈছে।