পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ১০৫ দশম ভাগ অনুসূচিত আৰু জনজাতি ক্ষেত্ৰসমূহ — অনুচ্ছেদ ২৪৪ক (ঘ) এই সংবিধানৰ যিকোনো অনুচ্ছেদ কোনো ৰাজ্যৰ প্ৰতি থকা নিৰ্দেশে স্বায়ত্ত শাসিত ৰাজ্যখনৰ প্ৰতি থকা নিৰ্দেশ অন্তৰ্ভুক্ত কৰা বুলি অৰ্থ কৰিবলৈ উপবন্ধ কৰিব পাৰে; আৰু (ঙ) এনেকুৱা অনু পূৰক, প্ৰাসংগিক আৰু আনুষংগিক উপবন্ধ কৰিব পাৰে যিবিলাকনেকি আবশ্যকীয় বুলি গণ্য কৰা হয়। (৩) উপৰোক্ত এনে যিকোনো বিধিৰ সংশোধন যি পৰ্য্যন্ত এনে সংশোধন খণ্ড(২)ৰ উপখণ্ড (ক) বা উপখণ্ড (খ) ত বিনিৰ্দিষ্ট কোনো বিষয় সম্পৰ্কীয় হয়, সেই পৰ্যন্ত প্ৰভাবী নহব-যদিহে সংশোধনটো সংসদৰ প্ৰত্যেক সদনত উপস্থিত থকা আৰু ভোটদান কৰা সদস্য সকলৰ অন্যূন দুই-তৃতীয়াংশৰ দ্বাৰা পাৰিত নহয়। (৪) এই অনুচ্ছেদত নিৰ্দেশিত এনে কোনো বিধিক অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনৰ বাবে এই সংবিধানৰ কোনো সংশোধন বুলি গণ্য কৰা নহব - লাগিলে তাত এনে কোনো উপবন্ধৰ অন্তৰ্বিষ্টই হওক যিনেকি এই সংবিধান সংশোধন কৰে বা যাৰনেকি এই সংবিধান সংশোধন কৰাৰ প্ৰভাব থাকে। > । :