পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান . ) নৱম ক ভাগ-পৌৰসভা -অনুচ্ছেদ ২৪৩-২৪৩যছ (৩) প্ৰত্যেক মহানগৰ যোজনা সমিতিয়ে বিকাশ যোজনা প্ৰস্তুত কৰোতে, – (ক) নিম্নলিখিতৰ প্ৰতি লক্ষ্য ৰাখিব, অৰ্থাৎ - (i) মহানগৰ ক্ষেত্ৰত পৌৰসভা সমূহ আৰু পঞ্চায়ত সমূহৰ দ্বাৰা প্ৰস্তুত কৰিবলগীয়া যোজনা সমূহ। (ii) পৌৰসভা সমূহৰ আৰু পঞ্চায়-সমূহৰ সাধাৰণ স্বাৰ্থ বিষয়সমূহ, যাৰ ভিতৰত সেই ক্ষেত্ৰৰ সম্বন্ধিত স্থানিক যোজনা, জল আৰু আৰ্ন ভৌতিক আৰু প্ৰাকৃতিক সম্পদৰাজিৰ অংশ বণ্টন কৰা, বুনিয়াদী সুবিধাৰ একীকৃত বিকাশ আৰু পৰ্য্যাৱৰণ সংৰক্ষণ আছে; (iii) ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্দিষ্ট কৰা সমগ্ৰ উদ্দেশ্য সমূহ আৰু অগ্ৰাধিকাৰ সমূহ। (iv) সেই বিনিয়োজনৰ মাত্ৰা আৰু প্ৰকৃতি যি ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অভিকৰণ সমূহৰ (এজেন্সি সমূহৰ) দ্বাৰা মহানগৰ ক্ষেত্ৰত কৰাৰ সম্ভাৱনা আছে আৰু আন প্ৰাপ্তিসাধ্য বিত্তীয় বা আন সম্পদৰাজি; (খ) ৰাজ্যপালে, আদেশৰ দ্বাৰা বিনিৰ্দিষ্ট কৰা তেনে সংস্থা সমূহ আৰু সংগঠন সমূহৰ সৈতে পৰামৰ্শ কৰিব। (৪) প্ৰত্যেক মহানগৰ যোজনা সমিতিৰ অধ্যক্ষই এনে সমিতিৰ দ্বাৰা চুপাৰিছ কৰা সেই বিকাশ যোজনা ৰাজ্যচৰকাৰলৈ প্ৰেৰণ কৰিব। ২৪৩যচ।এই ভাগত কোনো কথা থকা সত্ত্বেও, সংবিধান (চতুঃসপ্ততিতম সংশোধন) অধিনিয়ম, বিদ্যমান বিধিসমূহ ১৯৯২ ৰ প্ৰাৰম্ভৰ অব্যৱহিত পূৰ্বে, কোনো ৰাজ্যত বলবৎ থকা, পৌৰসভা সমূহৰ সৈতে সম্বন্ধিত আৰু পৌৰসভা সমূহ কোনো বিধিৰ কোনো উপবন্ধ, যি এই ভাগৰ উপবন্ধ সমূহৰ সৈতে অসুংগত হয়, যি পৰ্য্যন্ত কোনো চলি থাকিব। সক্ষম বিধান মণ্ডলৰদ্বাৰা বা অন্য সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা, ইয়াক সংশোধিত বা নিৰসিত কৰা নহয় বা যি পৰ্য্যন্ত এনে প্ৰাৰম্ভৰ পৰা এবছৰ সমাপ্তনহয়, ইয়াৰ যিটোৱেই পূৰ্বে হয় সেই পৰ্য্যন্ত বলবৎ হৈ থাকিব ঃ পৰস্তু এনে প্ৰাৰম্ভৰ অব্যবহিত পূৰ্বে বিদ্যমান সকলো পৌৰসভা, যদিহে সেই ৰাজ্যৰ বিধান সভাৰ দ্বাৰা বা বিধান পৰিষদ থকা কোনো ৰাজ্যৰ ক্ষেত্ৰত সেই ৰাজ্যৰ বিধান মণ্ডলৰ প্ৰত্যেক সদনৰ দ্বাৰা পাৰিত সেই মৰ্মে কোনো সংকল্পৰ দ্বাৰা প্ৰথমতেই বিঘটন কৰি দিয়া নহয়, তেতিয়া ইয়া ম্যাদৰ সমাপ্তি পৰ্যন্ত চলি থাকিব। ২৪৩যছ। এই সংবিধানত কোনো কথা থকা সত্ত্বেও – নিৰ্বাচন সম্বন্ধীয় বিষয় সমূহত ন্যায়ালয় (ক) অনুচ্ছেদ ২৪৩ যক ৰ অধীনত প্ৰণীত বা প্ৰণীত বুলি তাৎপঠিত কোনো এনে বিধিৰ বিধিমান্যতা, যি নিৰ্বাচন সমষ্টিৰ পৰিসীমন বা এনে নিৰ্বাচন সমষ্টিসমূহৰ আসনৰ আবন্টনৰ সৈতে সমূহৰ হস্তক্ষেপ বাধা। সম্বন্ধিত হয়, কোনো ন্যায়ালয়ত প্ৰশ্নাধীন নহব; (খ) কোনো পৌৰসভাৰ বাবে কোনো নিৰ্বাচন,এনে নিৰ্বাচন দৰ্খাস্তৰ উপস্থাপনতহেপ্ৰশ্নাধীন হব যি তেনে প্ৰাধিকাৰীক আৰু তেনে ৰীতিৰে কৰা হব যাক কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা ইয়াৰ অধীনত উপবন্ধিত কৰা হয়, অন্যথা নহয়।] 1