পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪. দশম-ভাগ অনুসূচিত আৰু জনজাতি ক্ষেত্ৰসমূহ অনুসূচিত ক্ষেত্ৰত আৰু জনজাতি ক্ষেত্ৰসমূহৰ প্ৰশাসন। ২৪৪ (১) > (অসম, ২t [ মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম ] ৰাজ্য ] ৰ বাহিৰে

  • * * ]. আন যিকোনো ৰাজ্যৰ অনুসূচিত ক্ষেত্ৰ সমূহ আৰু অনুসূচিত জনজাতি সমূহৰ

প্ৰশাসন আৰু নিয়ন্ত্ৰণত পঞ্চম অনুসূচীৰ উপবন্ধ সমূহ এয়োগ হব। ২ [ c (২) [ অসম, [ মেঘালয়, ত্ৰিপুৰা ] আৰু মিজোৰাম ৰাজ্য ৰ ] জনজাতি ক্ষেত্ৰ সমূহৰ প্ৰশাসনত ষষ্ঠ অনুসূচীৰ উপবদ্ধ সমূহ প্ৰয়োগ হব। ' [২৪৪ক। (১) এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও সংসদে বিধিৰ দ্বাৰা ষষ্ঠ অনুসূচীৰ দফা ২০ত সন্নিবিষ্ট তালিকাৰ '[ ভাগ ১৩ ] বিৰ্নিদ্দিষ্ট জনজাতি ক্ষেত্ৰৰ সমগ্ৰ বা যিকোনো ক্ষেত্ৰক লৈ লাগিলে পূৰ্ণতঃ ভাবেই হওক বা ভাগতঃ ভাবেই হওক ), অসম ৰাজ্যৰ ভিতৰত এখন স্বায়ত্ত শাসিত ৰাজ্য গঠন কৰিব পাৰে, আৰু তাৰ বাবে অসমৰ কোনো কোনো জনজাতি ক্ষেত্ৰক লৈ এখন স্বায়ত্ত শাসিত ৰাজ্যৰ গঠন আৰু তাৰ বাবে স্থানীয় বিধান মণ্ডল বা মন্ত্ৰী- পৰিষদ অথবা দুয়োটাৰে সৃষ্টি। (ক) সেই স্বায়ত্ত শাসিত ৰাজ্যখনৰ বিধান মণ্ডল ৰূপে কৃত্য কৰিবলৈ, নিৰ্বাচিতই হওক বা ভাগতঃ নিৰ্বাচিত আৰু ভাগতঃ মনোনীতই হওক, এটা নিকায়, অথবা (খ) এখন মন্ত্ৰী-পৰিষদ, অথবা দুয়োটাকে, প্ৰত্যেক ক্ষেতে বিধিত যথা বিনিৰ্দিষ্ট কৰা অনুসৰি গাঠনি, ক্ষমতা আৰু কৃত্য সমূহৰ সৈতে সৃষ্টি কৰিব পাৰে। (২) খণ্ড (১)ত নিৰ্দেশিত এনে কোনো বিধিয়ে বিশেষকৈ, . (ক) ৰাজ্য-সূচী অথবা সমবৰ্তী-সূচীত প্ৰগণিত এনে বিষয়বোৰ বিনিৰ্দিষ্ট কৰি দিব পাৰে যাৰ সম্বন্ধত স্বায়ত্ত শাসিত ৰাজ্যখনৰ বিধান মণ্ডলে সমগ্ৰ ৰাজ্য খনৰ বাবেই হওক বা তাৰ কোনো ভাগৰ বাবেই হওক, বিধি প্ৰণয়ন কৰিবলৈ ক্ষমতা পাৰ, লাগিলে অসম ৰাজ্যৰ বিধান মণ্ডলক, বহিৰ্ভূত কৰিয়েই হওক বা অন্যথাই হওক; (খ) যিবিলাক বিষয়ৰ সম্বন্ধত স্বায়ত্ত শাসিত ৰাজ্যখনৰ কাৰ্যপালিকা ক্ষমতা বিস্তাৰ কৰিব সেই বিষয় বিলাক পৰিভাষিত কৰিব পাৰে; (গ) অসম ৰাজ্যৰ দ্বাৰা আৰোপিত যিকোনো কৰ যি পৰিমাণে তাৰ আগম স্বায়ত্ত শাসিত ৰাজ্যখনৰ বুলি দেখু বাব পৰা হয় সেই পৰিমাণে স্বায়ত্ত শাসিত ৰাজ্যখনক অৰ্পণ কৰিবলৈ উপবন্ধ কৰিব পাৰে; ১ উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ৰ ৮১) ৰ ধাৰা ৭১ ৰ দ্বাৰা “অসম ৰাজ্য” ৰ স্থানত প্ৰতিষ্ঠাপিত (২১-১-১৯৭২ তাংৰ পৰা প্ৰভাবী হোৱাকৈ)। ২ মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪ ) ৰ ধাৰা ৩৯ ৰ দ্বাৰা “মেঘালয় আৰু ত্ৰিপুৰা” শবদ সমূহৰ স্থানত প্ৰতিষ্ঠাপিত (২০২১৯৮৭ তাৰিখৰ পৰা প্ৰভাৱী হোবাকৈ)। ৩। সংবিধান (উনপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ৰ ধাৰা ২ৰ দ্বাৰা আৰু মেঘালয়। ৰাজ্য" ৰ স্থানত প্ৰতিষ্ঠাপিত (১-৪-১৯৮৫ তাৰিখৰ পৰা প্ৰভাবী হোবাকৈ )। ৪। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা “প্ৰথম অনু সূচীৰ ক বা খ ভাগত বিনিৰ্দিষ্ট এই শদ সমূহ আৰু আখৰ সমূহ লোপ কৰা হৈছে। ৫। মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৩৪ ) ৰ ধাৰা ৩৯ ৰ দ্বাৰা “মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য আৰু মিজোৰাম সংঘ ৰাজ্য ক্ষেত্ৰ" শবদ সমূহৰ স্থানত প্ৰতিষ্ঠাপিত (২০-২-১৯৮৭ তাৰিখৰ পৰা প্ৰভাবী হোবাকৈ)। ৬ সংবিধান (দ্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৬৯ৰ ধাৰা ২ ৰ দ্বাৰা অন্তঃস্থাপিত। « উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা ৭১ ৰ দ্বাৰা “ভাগ ক " ৰ স্থানত প্ৰতিষ্ঠাপিত (২১-১-১৯৭২ তাৰিখৰ পৰা প্ৰভাবী হোবাকৈ)।