পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০২ ভাৰতৰ সংবিধান নৱম ক ভাগ-পৌৰসভা - অনুচ্ছেদ ২৪৩ষঘ - ২৪৩যঙ (২) ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, নিম্নোক্তবোৰৰ ক্ষেত্ৰত উপবন্ধ কৰিব পাৰিব অৰ্থাৎ (ক) জিলা যোজনা সমিতি সমূহৰ বিচনা; (খ) যি ৰীতিৰে এনে সমিতিসমূহৰ আসন পূৰণ কৰা হব সেই ৰীতিঃ পৰন্তু এনে সমিতিৰ মুঠ সদস্য সংখ্যাৰ অন্ন চাৰি-পঞ্চমাংশ সদস্য, জিলা স্তৰত পঞ্চায়ত, আৰু জিলাত পৌৰসভা সমূহৰ নিৰ্বাচিত সদস্য সকলৰ দ্বাৰা আৰু নিজৰ মাজৰ পৰা, জিলাত গ্ৰামীণ ক্ষেত্ৰসমূহৰ আৰু নগৰীয়া ক্ষেত্ৰসমূহৰ জনসংখ্যাৰ অনুপাত অনুসাৰে নিৰ্বাচিত কৰা হব; (গ) জিলা যোজনাৰ সৈতে সম্বন্ধিত এনে কৃত্যসমূহনোক এনে সমিতিসমূহত ন্যস্ত কৰা হয়;

(ঘ) এনে ৰীতিৰে যাৰ দ্বাৰা সমিতিসমূহৰ অধ্যক্ষ নিৰ্বাচন কৰা হব। (৩) প্ৰত্যেক জিলাৰ যোজনা সমিতিয়ে বিকাশ যোজনাৰ খচৰা প্ৰস্তুত কৰোতে, - (ক) নিম্ন লিখিতৰ প্ৰতি লক্ষ্য ৰাখিব, অৰ্থাৎ - (I) পঞ্চায়ত সমূহৰ আৰু পৌৰসভাসমূহৰ সাধাৰণ স্বাৰ্থ বিষয় সমূহ যাৰ ভিতৰত স্থানিক যোজনা, জল বা আন ভৌতিক আৰু প্ৰাকৃতিক সম্পদৰাজিৰ অংশ বণ্টন কৰা, বুনিয়াদী সুবিধাৰ একীকৃত বিকাশ’আৰু পৰ্য্যাৱৰণ সংৰক্ষণ আছে; (II) প্ৰাপ্তিসাধ্য বিত্তীয় বা আন সম্পদ ৰাজিৰ মাত্ৰা আৰু প্ৰকাৰ; (খ) এনে সংস্থা সমূহ আৰু সংগঠন সমূহৰ সৈতে পৰামৰ্শ কৰিব, যাক ৰাজ্যপালে আদেশৰ দ্বাৰা, বিনিৰ্দিষ্ট কৰে। (৪) প্ৰত্যেক জিলাৰ' যোজনা সমিতিৰ অধ্যক্ষই এনে সমিতিৰ দ্বাৰা চুপাৰিছ কৰা সেই বিকাশ যোজনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব। ২৪৩যঙ।(১) প্ৰত্যেক মহানগৰ ক্ষেত্ৰত, সমগ্ৰ মহানগৰ ক্ষেত্ৰৰ বাবে বিকাশ যোজনা খচৰা মহানগৰ যোজনাৰ প্ৰস্তুত কৰাৰ বাবে এখন মহানগৰ যোজনা সমিতি গঠন কৰা হব। বাবে সমিতি। (২) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা, নিম্নলিখিতৰ ক্ষেত্ৰত উপবন্ধ কৰিব পাৰিব, অৰ্থাৎ (ক) মহানগৰ যোজনা সমিতি সমূহৰ বিৰচনা; (খ) যি ৰীতিৰে এনে সমিতি সমূহৰ আসন পূৰণ কৰা হব ঃ পৰন্তু এনে সমিতিৰ অন্যূন দুই-তৃতীয়াংশ সদস্য মহানগৰ ক্ষেত্ৰত পৌৰসভাসমূহৰ নিৰ্বাচিত সদস্য সকলৰ আৰু পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ দ্বাৰা, আৰু নিজৰ মাজৰ পৰা সেই ক্ষেত্ৰৰ পৌৰসভা আৰু পঞ্চায়ত সমূহৰ জনসংখ্যাৰ অনুপাত অনুসাৰে নিৰ্বাচিত কৰা হব; (গ) এনে সমিতি সমূহত ভাৰত চৰকাৰ আৰু ৰাজ্যচৰকাৰ আৰু এনে সংগঠন সমূহৰ আৰু সংস্থাসমূহৰ প্ৰতিনিধিত্ব যি এনে সমিতি সমূহক ন্যস্ত কৰা কৃত্যসমূহ পালন কৰাৰ বাবে আৱশ্যকীয় বুলি গণ্য কৰে; (ঘ) মহানগৰ ক্ষেত্ৰৰ বাবে যোজনা আৰু সমন্বয়ৰ সৈতে সম্বন্ধিত এনে কৃত্য সমূহ যিবিলাক এনে সমিতি সমূহক ন্যস্ত কৰা হয়। (ঙ) যি ৰীতিৰে এনে সমিতি সমূহৰ অধ্যক্ষ নিৰ্বাচন কৰা হয়। 1