পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান নৱম ভাগ-পঞ্চায়ত-অনুচ্ছেদ ২৪৩ঘ - ২৪৩চ (৪) গাওঁ বা কোনো আন স্তৰৰ পঞ্চায়ত সমূহত অধ্যক্ষ সকলৰ পদ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু নাৰী সকলৰ বাবে এনে ৰীতিৰে আৰক্ষিত থাকিব, যাক কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা, উপবন্ধিত কৰে? পৰন্তু, কোনো ৰাজ্যৰ প্ৰত্যেক স্তৰৰ পঞ্চায়ত সমূহত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ বাবে আৰক্ষিত অধ্যক্ষ সকলৰ পদসমূহৰ সংখ্যাৰ অনুপাত, প্ৰত্যেক স্তৰত সেই পঞ্চায়ত সমূহৰ এনে পদ সমূহৰ মুঠ সংখ্যাৰ যথাসম্ভৱ তেনে হব যি সেই ৰাজ্যত অনুসূচিত জাতি বা সেই ৰাজ্যত অনুসূচিত জনজাতি সমূহৰ জনসংখ্যাৰ অনুপাত সেই ৰাজ্যৰ মুঠ জনসংখ্যাৰ সৈতে আছে? উপবন্তু প্ৰত্যেক স্তৰৰ পঞ্চায়ত সমূহ অধ্যক্ষ সকলৰ পদ সমূহৰ মুঠ সংখ্যাৰ অন্যূন এক- তৃতীয়াংশ পদ নাৰী সকলৰ বাবে আৰক্ষিত থাকিব ও অধিকন্তু এই খণ্ডৰ অধীনত আৰক্ষিত পদ সমূহৰ সংখ্যা প্ৰত্যেক স্তৰত ভিন ভিন পঞ্চায়ত সমূহত বিৱৰ্ত্তনৰ দ্বাৰা আবণ্টন কৰিব পাৰিব। (৫) খণ্ড (১) আৰু (২) ৰ অধীনত আসন সমূহৰ আৰক্ষণ আৰু খণ্ড (৪) ৰ অধীনত অধ্যক্ষ সকলৰ পদ সমূহৰ আৰক্ষণ (নাৰীৰ বাবে আৰক্ষণৰ ব্যতিৰেকে) অনুচ্ছেদ ৩৩৪ ত বিনিৰ্দিষ্টকালৰ সমাপ্তিত প্ৰভাবী হৈ নাথাকিব। (৬) এই ভাগৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলক অনুন্নত শ্ৰেণীৰ নাগৰিক সকলৰ সপক্ষে কোনো স্তৰৰ কোনো পঞ্চায়তৰ আসন সমূহৰ বা পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ পদ সমূহৰ আৰক্ষণৰ বাবে কোনো উপবন্ধ কৰাৰ পৰা নিবাৰণ নকৰিব। ২৪৩ ঙ। (১) প্ৰত্যেক পঞ্চায়ত যদি তৎসময় বলবৎ থকা কোনো বিধিৰ অধীনত প্ৰথমতেই পঞ্চায়ত সমূহৰ মাদ বিঘটন কৰি দিয়া নহয়, তেন্তে ইয়াৰ প্ৰথম সভাৰ বাবে নিয়ত তাৰিখৰ পৰা পাঁচ বছৰ পৰ্য্যন্ত চলি ইত্যাদি। থাকিব, কিন্তু ইয়াতকৈ অধিক নহয়। (২) তৎসময় বলবৎ থকা কোনো বিধিৰ কোনো সংশোধনেৰে কোনো স্তৰত এনে পঞ্চায়তৰ যি এনে সংশোধনৰ অব্যৱহিত পূৰ্বে কাৰ্য কৰি আছে, খণ্ড (১)ত বিনিৰ্দিষ্টইয়াৰ ম্যাদ সমাপ্ত নোহোৱা পৰ্যন্ত বিঘটিত নহব। (৩) কোনো পঞ্চায়ত গঠন কৰাৰ বাবে নিৰ্বাচন - (ক) খণ্ড (১) ত বিনিদ্দিষ্ট ইয়াৰ মাদৰ সমাপ্তিৰ পূৰ্বে (খ) ইয়াৰ বিঘটণৰ তাৰিখৰ পৰা ছয় মাহ কালিৰ সমাপ্তিৰ পূৰ্ব্বে সম্পূৰ্ণ কৰা হব ঃ পৰন্তু যত সেই অৱশিষ্ট কাল, যাৰ বাবে কোনো বিঘটিত পঞ্চায়ত ছয় মাহতকৈ কম কালৰ বাবে চলি থাকিলেহেঁতেন, সেই ক্ষেত্ৰত, এনে কাল ছোৱাৰ বাবে সেই পঞ্চায়ত গঠন কৰাৰ কাৰণে এই খণ্ডৰ অধীনত কোনো নিৰ্বাচন অনুষ্ঠিত কৰাৰ আবশ্যক নহ'ব। (৪) কোনো পঞ্চায়তৰ ম্যাদ সমাপ্তিৰ পূৰ্বে সেই পঞ্চায়ত বিঘটিত হোৱাত গঠিত কোনো পঞ্চায়ত, সেই কালৰ কেৱল অৱশিষ্ট ভাগৰ বাবে চলি থাকিব যাৰ বাবে বিঘটিত পঞ্চায়ত খণ্ড (১)ৰ অধীনত চলি থাকিল হেতেন, যদিহে এই দৰে বিঘটিত কৰা নহলহেতেন। ২৪৩চ।(১) কোনো ব্যক্তি কোনো পঞ্চায়তৰ সদস্য বাছনি কৰাৰ কাৰণে আৰু সদস্য হোৱাৰ সদস্য পদৰ বাবে বাবে অন হব, ~~ অনৰ্হতা। (ক) যদি সংশ্লিষ্ট ৰাজ্যৰ বিধান মণ্ডলৰ নিৰ্বাচন সমূহৰ প্ৰয়োজনাৰ্থে তৎসময় বলবৎ থকা কোনো বিধিৰ দ্বাৰা বা অধীনত এনেদৰে অন কৰা হয়। পৰন্তু কোনো ব্যক্তি তেওঁৰ বয়স পচিশ বছৰৰ কম এই আধাৰত অনী নহব:যদিহে তেওঁৰ একৈশ বছৰ বয়স হৈছে; 9