পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান নূৱম ভাগ-প্ৰঞ্চায়ত-অনুচ্ছেদ ২৪৩গ - ২৪৩ঘ (৩) কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰী – (ক) গাওঁ ওৰত পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ, মধ্যৱৰ্তী স্তৰত পঞ্চায়ত সমূহত বা এনে ৰাজ্যৰ ক্ষেত্ৰত যত মধ্যৱৰ্তী স্তৰত পঞ্চায়ত সমূহ নাই, জিলা স্তৰত পঞ্চায়ত সমূহত; (খ) মধ্যৱৰ্তী স্তৰত পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ জিলা স্তৰৰ পঞ্চায়ত সমূহত; f (গ) লোক সভাৰ এনে সদস্য সকলৰ আৰু ৰাজ্যৰ বিধান সভাৰ সদস্য সকল যি সেই নিৰ্বাচন সমষ্টি প্ৰতিনিধিত্ব কৰিছে যত গাওঁ স্তৰৰ পৰা ভিন্ন স্তৰত কোনো পঞ্চায়ত ক্ষেত্ৰ সম্পূৰ্ণভাবে বা আংশিক ভাৱে সমাৰিষ্ট হয় এনে পঞ্চায়তত; (ঘ) ৰাজ্য সভাৰ সদস্য সুকলৰ আৰু ৰাজ্যৰ বিধান পৰিষদৰ সদস্য সকলৰ য'ত তেওঁলোক - 1 (i) মধৱৰ্তী স্তৰৰ কোনো পৃঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত নিৰ্বাচক হিচাবে পঞ্জীভুক্ত হয়, মধ্যৱৰ্ত্তী শুৰৰ পঞ্চায়তত; (ii) জিলা স্তৰৰ কোনো পঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত নিৰ্বাচক হিচাবে পঞ্জীভুক্ত হয়, জিলা স্তৰৰ পঞ্চায়তত; প্ৰতিনিধিত্বৰ বাবে উপবন্ধিত কৰিব পাৰিব। (৪) কোনো পঞ্চায়তৰ অধ্যক্ষ আৰু এনে পঞ্চায়তৰ আন সদস্য সকলৰ তেওঁলোকক সেই পঞ্চায়ত ক্ষেত্ৰৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টি সমূহৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা বাছি লোৱা হওক বা নহওক, পঞ্চায়ত সমূহৰ সভা সমূহত ভোট দানৰ অধিকাৰ থাকিব। (৫) (ক) গাওঁ স্তৰত কোনো পঞ্চায়তৰ অধ্যক্ষ এনে ৰীতিৰে নিৰ্বাচিত হব, যিদৰে কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা উপবন্ধিত কৰে; আৰু (খ) মধ্যবৰ্তী স্তৰ বা জিলা স্তৰত কোনো পঞ্চায়তৰ অধ্যক্ষ নিৰ্বাচন ইয়াৰ নিৰ্বাচিত সদস্য সকলৰ দ্বাৰা আৰু তেওঁলোকৰ মাজৰ পৰা কৰিব।

  • * * *

. আসন সমূহৰ আৰক্ষণ। ২৪৩ঘ (১) প্ৰত্যেক পঞ্চায়তত, (ক) অনুসূচিত জাতি সমূহব; আৰু (খ) অনুসূচিত জনজাতি সমূহৰ, বাবে আসন সমূহ আৰক্ষিত থাকিব আৰু এনেদৰে আৰক্ষিত আসন সমূহৰ সংখ্যাৰ অনুপাত, সেই পঞ্চায়ত প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যা যথা সম্ভৱ তেনে হব, যি সৈই পঞ্চায়ত ক্ষেত্ৰৰ অনুসূচিত জাতি সমূহৰবা সেই পঞ্চায়ত ক্ষেত্ৰৰ অনুসূচিত জনজাতি সমূহৰ জনসংখ্যাৰ অনুপাত সেই ক্ষেত্ৰৰ মুঠ জনসংখ্যাৰ সৈতে আছে আৰু এনে আসন সমূহ। কোনো পঞ্চায়তৰ ভিন ভিন নিৰ্বাচন সমষ্টি সমূহত বিৱৰ্তনৰ দ্বাৰা আবণ্টন কৰিব পাৰিব। . (২) খণ্ড (১) ৰ অধীনত আৰক্ষিত আসন সমূহৰ মুঠ সংখ্যাৰ অন্যূন এক-তৃতীয়াংশ আসন, যথাস্থিতি, অনুসূচিত জাতি সমূহ বা অনুসূচিত জনজাতি সমূহৰ নাৰীৰ বাবে আৰক্ষিত থাকিব। (৩) প্ৰত্যেক পঞ্চায়তত প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যাৰ অন্যূন এক তৃতীয়াংশ আসন (অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ নাৰী সকলৰ বাবে আৰক্ষিত আসন সমূহৰ সংখ্যাও অন্তৰ্ভুক্ত কৰি) নাৰী সকলৰ বাবে আৰক্ষিত থাকিব আৰু এনে | আসন সমূহ কোনো পঞ্চায়তৰ ভিন ভিন নিৰ্বাচন সমষ্টি সমূহত বিৱৰ্ত্তনৰ দ্বাৰা আবণ্টন কৰিব পাৰিব।