পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ ভাৰতৰ সংবিধান পঞ্চায়ত সমূহৰ ক্ষমতাৱলী, প্ৰাধিকাৰ আৰু দায়িত্ব সমূহ। নৱম ভাগ-পঞ্চায়ত-অনুচ্ছেদ ২৪৩চ - ২৪৩ঝ (খ) যদি তেওঁক ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা অধীনত এনেদৰে অনৰ্হ কৰা হয়। (২) যদি কোনো পঞ্চায়তৰ কোনো সদস্য খণ্ড (১) ত উল্লিখিত কোনো অনতাৰ অধ্যধীন হয় নে নহয় এনে প্ৰশ্ন উত্থাপিত হয় তেতিয়া সেই প্ৰশ্ন, এনে প্ৰাধিকাৰীক আৰু এনে ৰীতিৰে যিদৰে ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা উপবন্ধিত কৰে, বিনিশ্চয়ৰ বাবে নিৰ্দেশিত কৰিব পাৰিব। ২৪৩ছ। এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা পঞ্চায়ত সমূহক এনে ক্ষমতাৱলী আৰু প্ৰাধিকাৰ প্ৰদান কৰিব পাৰিব, যিটো ইয়াক স্বায়ত্ত শাসনৰ সংস্থা হিচাবে কাৰ্য সম্পাদন কৰাত সমৰ্থ কৰাৰ বাবে আৱশ্যক হয় আৰু এনে বিধিত পঞ্চায়ত সমূহৰসমুচিত স্তৰত, এনে চৰ্ত্ত সমূহৰ সাপেক্ষে, যাক ইয়াত বিনিদ্দিষ্ট কৰা হৈছে, নিম্নলিখিতবোৰৰ সম্বন্ধত ক্ষমতাৰলী আৰু দায়িত্ব সমূহ অৰ্পণ কৰিবলৈ উপবন্ধ কৰিব পাৰিব, অৰ্থাৎ ৰ্থক বিকাশ আৰু সামাজিক ন্যায়ৰ বাবে যোজনা সমূহ প্ৰস্তুত কৰাত; (খ) একাদশ অনুসূচীত তালিকাভূক্ত বিষয় সমূহৰ সম্পৰ্কীয় সেই আচঁনি সমূহ সহ তেওঁলোকলৈ ন্যস্ত কৰিব পৰা আৰ্থিক বিকাশ আৰু সামাজিক ন্যায়ব এনে আচঁনি সমূহ কাৰ্যকৰীকৰণত। ২৪৩ জ। কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, (ক) এনে কৰ, শুল্ক পথকৰ আৰু মাচুল সমূহ উদ্গ্ৰহণ, সংগ্ৰহণ আৰু বিনিয়োজন কৰাৰ বাবে কোনো পঞ্চায়তক, এনে প্ৰক্ৰিয়া অনুসাৰে আৰু এনে পৰিসীমাৰ সাপেক্ষে, প্ৰাধিকৃত কৰিব 1 পঞ্চায়ত সমূহৰ দ্বাৰা কৰ সমূহ আৰোপিত কৰাৰ ক্ষমতাৱলী আৰু ইয়াৰ নিধি সমূহ। পাৰিব। (খ) ৰাজ্য চৰকাৰৰ দ্বাৰা উগৃহীত আৰু সংগৃহীত এনে কৰ, শুল্ক পৃথকৰ আৰু মাচুল সমূহ কোনো পঞ্চায়তক, এনে প্ৰয়োজনাৰ্থে আৰু এনে চৰ্ত আৰু পৰিসীমাৰ সাপেক্ষে ন্যস্ত কৰিব পাৰিব; বিত্তীয় অৱস্থাৰ পুনৰীক্ষণৰ বাবে বিত্ত আয়োগ গঠন। (গ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পঞ্চায়তৰ বাবে এনে সহায়ক অনুদান দিয়াৰ বাবে উপবন্ধ কৰিব পাৰিব; আৰু (ঘ) পঞ্চায়ত সমূহৰ দ্বাৰা বা ইয়াৰ হকে যথাক্ৰমে গ্ৰহণ কৰা সকলো ধন জমা কৰাৰ বাবে এনে নিধি সমূহৰ গঠন কৰিবলৈ আৰু এনে নিধিৰ পৰা এনে ধন উলিয়াবৰ বাবেও উপবন্ধ কৰিব পাৰিব, যিদৰে বিধিত বিনিৰ্দিষ্ট কৰা হয়। ২৪৩ ঝ।(১) কোনো ৰাজ্যৰ ৰাজ্যপাল, সংবিধান ত্ৰিসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ প্ৰাৰম্ভৰ পৰা এবছৰ ভিতৰত যথাশীঘ্ৰে, আৰু তাৰ পিচত প্ৰত্যেক পাঁচ বছৰৰ সমাপ্তিৰ পিচত, বিত্ত আয়োগ গঠন কৰিব, যি পঞ্চায়ত সমূহৰ বিত্তীয় অৱস্থাৰ পুনৰীক্ষণ কৰিব, আৰু যি- (ক) (t) কোনো ৰাজ্যৰ দ্বাৰা উদ্‌গৃহীত কৰ, শুষ্ক, পথকৰ আৰু মাচুল সমূহৰ শুদ্ধ আগমৰ ৰাজ্য আৰু পঞ্চায়ত সমূহৰ মাজত, যাক এই ভাগৰ অধীনত ইয়াৰ মাজত বিভাজিত কৰিব পৰা যায়, তাৰ বিতৰণৰ আৰু সকলো স্তৰত পঞ্চায়ত সমূহৰ মাজত এনে আগম সমূহৰ তৎসম্বন্ধীয় অংশৰ আৱন্টনৰ (II) এনে কৰ, শুল্ক, পথকৰ আৰু মাচুল সমূহৰ অৱধাৰণৰ, যাক পঞ্চায়ত সমূহত ন্যস্ত কৰিব পৰা যায় বা তাৰ দ্বাৰা বিনিয়োজিত কৰিব পৰা যায়; (III) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পঞ্চায়ত সমূহৰ বাবে সহায়ক অনুদানৰ, নিয়ন্ত্ৰণ কৰা সিদ্ধান্ত সমূহৰ সম্পৰ্কত, -- (খ) পঞ্চায়ত সমূহৰ বিত্তীয়, অৱস্থাৰ উন্নয়নৰ বাবে আৱশ্যকীয় ব্যবস্থা সমূহৰ সম্পৰ্কত; 3