পৃষ্ঠা:ভাষণ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০৭]

গ্ৰেজুয়েটৰ আৰু মানচিত্ৰত লণ্ডন কোন অংশত তাক নাজানা তথাকথিত শিক্ষিত ডেকাৰ সংখ্যা বৰ কম নহয়।

 এইবিলাক কথা কোৱাৰ মোৰ উদ্দেশ্য— কোনো শিক্ষা প্ৰণালীক নিন্দা কৰা নহয়; বা কাকো সৰু বৰ কৰা নহয়। নই মুঠে ইয়াকেহে কব বিচাৰিছোঁ যে টোল শিক্ষাৰ পৰাও আমাৰ চৰিত্ৰ গঠিত হব পাৰে; আমি প্ৰকৃত শিক্ষা পাব পাৰোঁ। আজি কালিৰ স্কুলৰ শিক্ষাৰ পৰাও আমাৰ ব্যৱহাৰিক জ্ঞান বৰ বেছি নহয়। ব্যৱহাৰিক জ্ঞান হয়, নিজে কাম কৰি, নিজৰ চকু-কাণ আদি ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰি, খবৰৰ কাগজ আদি পঢ়ি। এনে শিক্ষাৰ সুযোগ স্কুলত বা টোলত সমানে ব্যৱস্থা কৰিব পাৰা হয়।

 উচ্চ শিক্ষাৰ মানতো সংস্কৃত শিক্ষাৰ বিশেষ দোষ দেখা নাপাব। পশ্চিমীয়া ৰীতিত উচ্চতম শিক্ষিত লোক এজন আৰু টোলৰীতিত শিক্ষিত তেনে লোক এজনৰ ভিতৰত কথা-বাৰ্তা—ৰীতি-নীতি সামাজিকতা আদি গুণত বিশেষ প্ৰভেদ নেদেখি।

 সংস্কৃত শিক্ষাই ভাৰতবৰ্ষৰ প্ৰাচীন কৃষ্টি ৰক্ষা কৰি আছে। এই শিক্ষাত শিক্ষকসকলে অধ্যাপনা কৰে অধ্যাপনা কৰ্ত্তব্যৰ এটা অংশ বুলি; অৰ্থলোভত নহয়। শিক্ষিতসকলেও শিক্ষা পায় হাজাৰ হাজাৰ টকা খৰছ কৰি নহয়, প্ৰকৃততে একো খৰছ নকৰাকৈ। এই শিক্ষাৰ পৰা হিন্দু ধৰ্মৰ ক্ৰিয়াপূত হৈ থাকিব পাৰিছে। এই শিক্ষা পোৱা উচ্চ শিক্ষিত লোক