[১০৬]
শাসক সকল নামৰ তালিকা মুখস্থ কৰা, অথবা চিনেমাৰ অভিনেত্ৰীসকলৰ নাম-ধন, জাতি-গোত্ৰ, বা আহাৰ পৰিচ্ছদ আদি বিষয়ৰ তন্ন তন্ন কথা শিকাও শিক্ষাৰ উদেশ্য বুলি নকয়।
শিক্ষা লাগে সজ মানুহ হবলৈ, কৰ্ম্মী হবলৈ, দয়াশীল হবলৈ, পৰোপকাৰী হবলৈ, হাতভৰি আদি অঙ্গ প্ৰত্যঙ্গাদি চলাত স্বাস্থ্য আৰ্জিবলৈ, শৰীৰ মন আৰু আত্মাৰ উন্নতি কৰিবলৈ। এই উদেশ্য সাধনত টোলৰ শিক্ষা স্কুলৰ শিক্ষাতকৈ কম উপযোগী হব লাগে— এনে কোনো কাৰণ নাই।
অৰ্থ উপাৰ্জনৰ পিনৰ পৰা চালেও দেখা যায় স্কুল কলেজৰ শিক্ষিত মাত্ৰই অৰ্থ উপাৰ্জন কাৰিব পাৰেনে? হাইস্কুলৰ কেইটামান শ্ৰেণীলৈ পঢ়া, প্ৰৱেশিকাত অকৃতকাৰ্য্য হোৱা, কলেজত কিছুদিন পঢ়া শ, শ ডেকা লৰাই কেনে অকামিলা জীৱন নিয়ায়! বি, এ, এম, এ, পাছ কৰা সকলোৰে বা অৰ্থ উপাৰ্জনৰ কিমান যোগ্যতা! অথচ একোজন লৰাক পশ্চিমীয়া শিক্ষা দিবৰ কাৰণে একো ঘৰ গিৰি সৰ্বস্বান্ত হবলগীয়া হয়।
ইফালে, বৰ্ত্তমান দিনৰ উপযোগী জ্ঞানৰ কথাতো প্ৰায় এই নিচিনাই। কোনো কেৰাণী পদৰ পৰীক্ষাত, কেইবছৰমান আগেয়ে কেবাজনো গ্ৰেজুয়েটে ‘চেক্ৰেটৰী অব ষ্টেট’ৰ নাম সোধাত অসম গভৰ্ণমেণ্টৰ তেতিয়াৰ Second Secretary জনৰ নাম লিখি দিছিল। নিউয়ৰ্ক কি কব নোৱাৰা