পৃষ্ঠা:ভাষণ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০৮]

সকল হয় বিনয়ী, সাধু, আচাৰ-পৰায়ণ— আৰু স্বল্প-সন্তুষ্ট। সামান্য অৰ্থব্যয় কৰি যি প্ৰণালীৰ পৰা এনে শিক্ষা পাৰি, সেই শিক্ষা প্ৰণালীৰ সাৰ্থকতা নাই বুলি অতি পক্ষপাতী লোকেও কব নোৱাৰে।

 এই বুলি টোল শিক্ষাৰ একো দোষ নাই মই এনে কথাকো কব নুখুজোঁ। কোনো শিক্ষা প্ৰণালী দোষ শূন্য নহয় আৰু হব নোৱাৰে। কাৰণ, মানুহে সদাই উন্নতি কৰিবলৈ চেষ্টা কৰে। গতিকে মানুহৰ যি অনুষ্ঠানেই নহক, তাকো ভাল কৰিবৰ অনবৰত চেষ্টা চলি থাকে। টোল শিক্ষাৰো উন্নতি হব পাৰে; আৰু তাকো উন্নত কৰিবলৈ যত্ন কৰা যুগুত।

 টোল শিক্ষাৰ প্ৰথম দোষ যে ভূগোল বুৰঞ্জী আদি আজি কালিৰ বিষয় বিলাকৰ জ্ঞান পোৱা নাযায়। স্কুলতো যথেষ্ট পোৱা নাযায় বুলি আগতে কোৱা হৈছে। কিন্তু সেই বুলি পাব নালাগে এনে নহয়। বৰঞ্চ স্কুলতো এনে জ্ঞান শিক্ষাৰ দিহা হব লাগে; আৰু টোলতো হব লাগে। অনেকে কয় যে ভূগোল আদি বিষয় টোলৰ পাঠ্য কৰিব লাগে। মোৰ মনেৰে এইটো কৰা ভুল হব। টোলৰ গুণ হৈছে এই যে ই প্ৰাচীন ৰীতি এটা জীৱন্ত কৰি ৰাখি অনেক পৰিমানে মুকলি মুৰীয়া হৈ অধ্যায়ণ আৰু অধ্যাপনা কৰিবলৈ সুচল দিয়ে। বিষয়ৰ সংখ্যা বঢ়াই দিলে টোলে পতি দুজন তিনিজন শিক্ষক লাগিব। তেতিয়া নিয়মিত সময়, হাজিৰা, পৰিদৰ্শন