পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
বৈষ্ণৱী কীৰ্ত্তন।

নমো নিত্যানন্দ   জগত কাৰণ
  বাসুদেৱ ভগৱন্ত।
নিত্য শুদ্ধ বুদ্ধ   কাম অনিৰুদ্ধ
  পুৰুষ প্ৰভু অনন্ত॥
ৰাম নিৰঞ্জন   দানৱ গঞ্জন
  ভকত ৰঞ্জন দেৱ।
তুমিসি পৰম   গুৰু নাৰায়ণ
  তুৱা পাৱে কৰো সেৱ॥


প্ৰাৰ্থনা।

কোটি কোটি ঘোৰ   অপৰাধ নিতে
  কৰো আমি দুৰাশয়।
হে হৰি মোক   দাস হেন মানি
  ক্ষমিয়োক কৃপাময়॥
অনাদি অনন্ত   অচিন্ত্য ঈশ্বৰ
  তুমিসে নিত্য নিৰ্ম্মল।
গুচায়ো কুমতি   ভজোহো কেৱল
  তোমাৰ পদ কমল॥
হে ভগৱন্ত   ভজোহো তোমাৰ
  অভয় পদ-কমলে।
মই অনাথক   ৰাখিয়ো ঈশ্বৰ
  অৰুণ চৰণ তলে॥