পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
বৈষ্ণৱী কীৰ্ত্তন

কৃষ্ণৰ চৰিত্ৰ  পৰম অমৃত
 আত পৰে নাহি আন।
কোটি কোটি যজ্ঞ জপ তপ দান
 সবেও নুহি সমান॥
যত গুণ নাম ধৰ্ম্ম অনুপাম
 আক সাৰ কৰি ধৰা।
যত দেৱ ধৰ্ম্ম দূৰতে তেজিয়া
 কৃষ্ণত ভকতি কৰা॥
হেন তত্ত্ব জানি চিন্তা চক্ৰপাণি
 অনাদৰি আন কাম।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
 ডাকি বোলা ৰাম ৰাম॥


কেশৱৰ লীলা ইটো শুনা সভাসদ।
পাতক অন্তক মহা ভাগৱত পদ॥
যত ধৰ্ম্ম কৰ্ম্ম যজ্ঞ আৰ অনুচৰ।
আত নাহি গতি আৰ কলিৰ লোকৰ॥
হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি।
জানিবা হৰিসে পৰলোকৰ যে গতি॥
ভকত জনৰ নিজ সুহৃদ-মাধৱ।
জানিবা হৰিসে পৰলোকৰ বান্ধব॥