পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
বৈষ্ণৱী কীৰ্ত্তন।

মধ্যম চতুৰ্ভুজ মধ্যে স্থিত।
পদ্মনাভ বাজালিত বিদিত॥
জয়দেৱ মৈৰা মৰাত থান।
শুনা শ্ৰীকৃষ্ণ পুত্ৰৰ নাম॥
জেষ্ঠ পুত্ৰ নামে সুদৰ্শন।
চলিহা সত্ৰে আৰ শোভন॥
বুদবাৰি সতে বিজয়ানন্দ।
কাটনিপাৰত ৰৈলা সুনন্দ॥
সোদৰ দেৱ সদানন্দ সঙ্গে।
সম্পদ ধৰ্ম্ম প্ৰচাৰিলা ৰঙ্গে।
গোকোলচান্দ সাপখেয়ায়ে।
বিপ্ৰ ৰূপে কৃষ্ণপদ ধিয়াৱে।
ৰমাকান্ত দেৰ ৰাম কানাই।
সুনন্দৰ আজ্ঞা মস্তকে লই॥
কাটনিপাৰত ধৰ্ম্ম থাপিলা।
শ্ৰীকৃষ্ণ চৰণ চিন্তি ৰহিলা॥
নৱমাটি সত্ৰে শ্ৰীকানাই।
সদা সুন্দৰ পদ ধিয়াই॥
শ্ৰীৰামকানাইৰ নিজ শকতি।
হৃদিৰূপ নামে ভৈলা উৎপতি॥
কালজৰি পদ ইহাঙ্ক বুলি।
চাৰিও পথক কৈলো সমূলি॥