পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪১]

তাহাৰ সম্ভাষণ জানা এৰি।
কহিলোঁ মই তোত নিষ্ঠ কৰি॥
আৰো শুনা তাৰ যি হোৱে গতি।
তোমাত কহিবোঁ শুনা সম্প্ৰতি॥ ২১২॥
যৈতে আছে মহা আত্মঘাতি।
তৈতেসে পৰে সিটো দুষ্টমতি॥
মহা নৰক যিটো ভয়ঙ্কৰ।
তৈতেসে পৰে সিটো দুষ্টনৰ॥২১৩॥
আৱৰ নাহিকে তাৰ উদ্ধাৰ।
কহিলো উদ্ধৱ সাৰতো সাৰ॥
পুছিলা যেন অভক্তৰ গতি।
তাহাকো শুনিলাহা মহামতি॥২১৪॥
হেন জানি এড়া দুষ্টৰ সঙ্গ।
সাধু সঙ্গ লোৱা কৰিয়া সঙ্গ॥
বৈষ্ণবৰ সঙ্গে সবাতো গতি।
কহিলোহোঁ নিষ্ঠে ধৰা সম্প্ৰতি॥২১৫॥
যি দেশত জানা অভক্তসে আছে।
সৰ্ব্ব সুখ তৈতে সম্পূৰ্ণ আছে॥
সমস্তে ধৰ্ম্ম পাই পূন ভূমি।
তথাপি তাহাক নযাবা তুমি॥২১৬॥
নাহিকে যি দিশত ধৰ্ম্ম পূন্য।
নাহিকে তীৰ্থ ব্ৰত ধৰ্ম্ম শুন্য॥