পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪২]

কিন্তু যে বৈষ্ণব সব আছয়।
সেহি পূন্য ভূমি জানা নিশ্চয়॥২১৭॥
সমস্তে সুখ আছে সেহি ঠাই।
তাহাতেসে বঞ্চিবে জুৱাই॥
ধন জন সম্পূৰ্ণ সিটো থান।
কহিলোঁ তোমাসাত তত্ব জ্ঞান॥২১৮॥
হেন ভক্তক যিটো সেৱা কৰে।
তাহাৰে ভৃত্য হুয়া নিৰন্তৰে॥
কৰিও সেৱা কহিলোঁ নিশ্চয়।
ধৰ্ম্ম কৰ্ম্ম উপেক্ষা মায়াময়॥ ২১৯॥
তাহান সেৱাতেসে নিজ গতি।
কহিলোঁ হো মই সবে যুগুতি॥
যদি বা নাযাহা সখি প্ৰত্যয়।
সত্য কৰি কহোঁ আক নিশ্চয়॥২২০॥
সত্যে সত্যে সত্যে জানাহা তুমি।
সত্যে সত্যে সত্যে কহোঁ আমি॥
ছয় সত্য কৰি কহোঁ পাৰ্থ।
জানিয়া ধৰা এহি পৰমাৰ্থ॥৩২১॥
যদি হেলা কৰা ধনঞ্জয়।
যাইবা অধোগতি তুমি নিশ্চয়॥
যি জনে জানয় হেন মহিমা।
তাহাৰ পুন্যৰ নাহিকে সীমা॥২২২॥