পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪০]


ঘোষা।

মাধৱ বান্ধৱ উদ্ধাৰা বাপ।
কতনো সহিবোঁ সংসাৰ তাপ॥

পদ।

কৃষ্ণে যে বোলন্ত সখি অৰ্জ্জুন।
কহিবো সাৱধানে কিছু শুন॥
যিতো মন্দমতি অধম নৰে।
মোহোৰ ভকতক নিন্দা কৰে॥২০৮॥
তাহাৰ সম নাই মন্দমতি।
অবশ্যে সিতো যাইবে অধোগতি॥
সি দুষ্টক দেখি স্মৰিবা হৰি।
কহিলোঁ তোমাসাত মিষ্ঠ কৰি॥২০৯॥
সি জন অধম নৰ পাপিষ্ঠ।
চাণ্ডালতো কৰি সিটো অনিষ্ট॥
কুকুৰক খাই মেলেছ জাতি।
তাহাতো কৰি অপবিত্ৰ আতি॥ ২১০॥
সেহি সে ৰাক্ষস সেহি অসুৰ।
সেহিসে মহা পাতকী প্ৰচুৰ॥
সেহি সে অভকত জানা সখি।
সস্তাষ নকৰিবা তাক দেখি॥২১১॥