পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩৯]

হেন জানি নৰ,  ভকতি ধৰিয়া
 তেজা সৱে আন কথা।
সাধু সঙ্গ লৈয়া,  ভকতিক কৰা
 শুনিয়োক কৃষ্ণ কথা॥২০৪॥
তেবেসে এৰাই  যমেৰ যাতনা
 নাহিকে তাৰ উপাই।
এহি মতে বাণী,  কৈলোঁ নিষ্ঠ জানি,
 কৰিয়ো যেন যুয়াই॥২০৩॥
শুনা নৰ নাৰী,  কহোঁ তৃন ধৰি,
 মাগোঁ মই এক দান।
কৃষ্ণৰ চৰণে,  ভকতি ৰহোক,
 দিয়ো মোক এহি দান॥ ২০৬॥
মনে ৰূপ ধৰি,  কহে ব্ৰহ্মচাৰী,
 দাস যে বালকানন্দে॥
ডাকি উচ্চ কৰি,  বোলা হৰি হৰি,
 জানিয়া মহা আনন্দে॥ ২০৭॥

,