পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩৮]

ভক্তি হীন ভৈলে যমৰ কিঙ্কৰে
 কৰিবে নানা অবস্থা॥১৯৮॥
কিমত কৰিবে  যমৰ কিঙ্কৰে
 তাক শুনা দৃঢ় কৰি।
পাছে হাত ভৰি  বান্ধি নিবে ধৰি
 চামৰ লগাইয়া জৰি॥ ১৯৯॥
যত আছে মাৰি  পশু পক্ষী ধৰি
 তাৰা আছে বাত চাই।
কেহো কাৰ্টিবেক  কেহোঁ খুছিবেক
 কেহোঁ মাংস চিণ্ডি খাই॥২০০॥
ধৰাধৰি কৰি  দূতে লৈয়া যাই
 তথাপি এৰান নাই৷
যম পুৰে নিয়া  দিবেক টানিয়া
 বৃক্ষৰ পৰা পেলাই॥২০১॥
তাত পাছে শুনা  আমু শাষ্টি যত
 কুম্ভি পাক নৰকৰ।
তাহাৰ ভিতৰে  পেলাইয়া মাৰে
 ডাঙ্গৰ দিয়া প্ৰহাৰ॥২০২॥
নৰকৰ পোকে,  বেৰি বেৰি খাই,
 আতাসতে প্ৰাণ যাই।
মৰো মৰোঁ কৰি,  সদা ডাক পাৰে,
 ৰাখ বোলন্তাও নাই॥২০৩॥