পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২৯]

বৈষ্ণবৰ সেৱা,  পৰম দুৰ্ল্লভ,
 দেবে নজানন্ত যাক।
যিমতে কৰিবা,  বৈষ্ণৱক সেৱা,
 শুনা সখি কহো তাক॥
প্ৰথমতে তুমি,  চিত্ত দৃঢ় কৰি,
 আমাত লৈয়ো শৰণ।
তেবে সমীপত,  বৈষ্ণৱক জানা,
 সেৱা যে কৰা চৰণ॥
পৃথিবীত পৰি,  নমস্কাৰ কৰি,
 শিৰত লৈবাহা ধুলি।
পাছে জল আনি, চৰণ পখালি,
 পাদোদক লৈবা তুলি॥
প্ৰদক্ষিণ কৰি,  দণ্ডৱতে পৰি,
 উঠি উঠি কতবাৰ।
কৃতাঞ্জলি কৰি,  ৰূপ ধ্যান ধৰি,
 তুতি কৰা বাৰম্বাৰ॥
ধূপ দীপ আনি,  নৈবেদ্যক সাজি,
 সবন্ধু বান্ধব সহিতে।
পুনৰপি পৰি,  নমস্কাৰ কৰি,
 আনন্দ কৰি মনতে॥ ১৫৪॥
উঠি ধৈৰ্য্য ধৰি,  কৃতাঞ্জলী কৰি,
 ভকতি কৰি অনেক৷