পৃষ্ঠা:বৈষ্ণবী গীতা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩০]

ভাগবত ধৰ্ম্ম  মোৰগুণ, কৰ্ম্ম,
 পুছিবা আছে যতেক॥১৫৫॥
তোমাৰ ভকতি,  দেখি সাধু সবে
 আনন্দ কৰি কহিবা।
চিত্ত দৃঢ় কৰি,  কায় বাক্য মনে
 স্তুতি যে তাক ধৰিবা॥
হৰিৰ মন্দিৰ,  সাজিবা গম্ভিৰ,
 অনেক যত্ন প্ৰকাৰে৷
অনেক যতনে,  অনেক মৃত্তিকা,
 তৃণ তুম্ভ বহুতৰে॥১৫৭॥
বিচিত্ৰ আকাৰে,  অনেক প্ৰকাৰে,
 দেখিতে যেন সন্তোষ।
তাহাৰ ভিতৰে,  বৈষ্ণবক আনি,
 ৰাখি কৰে পৰিতোষ॥
অন্ন বস্ত্ৰ দিযা,  সাদৰ কৰিয়া,
 ধৰিবা যতনে আল।
এহিমতে সেৱা,  বৈষ্ণৱক কৰা,
 বঞ্চাযে যমৰ কাল॥
পুত্ৰ পত্নী যত,  সুহৃদ সোদৰ,
 সমন্নিতে সৰ্ব্বক্ষণে।
অন্য অন্যে ৰতি,  কৰিয়া ভকতি,
 সেৱাকৰা এহিমানে॥