পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
বুঢ়াভাষ্য

বামহাতে কৰ্ণত কুণ্ডল যে কঙ্কণ।
কহিয়ো আমাৰ আগে ইহাৰ কাৰণ॥
হেন শুনি ঈশ্বৰ অনন্ত ভগৱন্ত।
কহিবে লাগিলা কথা পাছে নাৰদত॥ ১৪৬
জগত জননী যিতো পুৰুষ প্ৰকৃতি।
দুই ফাল প্ৰকৃতি জানিবা মহামতি॥
পুৰুষ আসি যেবে তাইৰ সঙ্গ ভৈলো।
বাম-ফালে প্ৰকৃতি জানিবা আমি কৈলোঁ॥ ১৪৭
কুণ্ডল কঙ্কণ বাম হাতেসে পিন্ধয়।
ইহাৰ সম্ভেদ আমি কহিলো নিশ্চয়॥
হেন শুনি নাৰদ ঈশ্বৰ দেৱ হৰি।
প্ৰণামিলা অনন্তৰ চৰণত ধৰি॥ ১৪৮
অনন্তৰে গৈয়া পাছে আপোনাৰ থানে।
এহিমতে থাকিলা অনন্ত ঋষিগণে॥
শ্ৰীৰামে পুছিলা যেন বশিষ্ঠত কথা।
পুছিলাহা ৰাম চাৰি যুগৰ ব্যৱস্থা॥
কহিয়েক ঋষিৰাজ তুমি ইতো কথা।
যেন যেত মই ইতো কহিবো ব্যৱস্থা॥
ঋষি বলে শুনা তুমি ৰামচন্দ্ৰ হৰি।
এক চিত্তে শুনা কহোঁ মন থিৰ কৰি॥ ১৬০
এহি বুলি তিনিও যুগৰ কথা কৈলা।
কলি যুগ কথা পাছে কহিবাক লৈলা৷