পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
বুঢ়াভাষ্য

হেন শুনি তাঙ্ক পাছে নাৰদে বুলিলা।
আৰু এক বাৰ কথা শুধিবে লাগিলা॥ ১৪০
নীতি ন্যায় কৰি তুমি কাৰ লোৱা নাম।
কহিয়োক আমাৰ পূৰোক মন কাম॥
হাজাৰেক মূখে নিতে নিতে লৱা নাম।
দেখিলো তোমাৰ যত বিপৰীত কাম॥ ১৪১
এক মুখে নাম লৈয়া কি মতে তৰিবো৷
জানিলো নিশ্চয় লোক সংসাৰে মজিবো॥
হেন শুনি বুলিলন্ত অনন্ত ঈশ্বৰ।
নাৰদক পাছে হৰি দিলন্ত উত্তৰ॥ ১৪২
হাজাৰেক মুখে গাই যেই ফল পাই।
সেই ফল লভিবেক এক মুখে গাই॥
হাজাৰেক বুলি জানা আৰু মোৰ মুৰ্দ্ধ।
ইহাত নাৰদ তুমি নকৰিবা দুঃখ॥ ১৫৩
এক গুতি শিৰত গিৰিৰ সবে থান।
এক গুতি মুখ বুলি কহোঁ সবে জান॥
পৰম পুৰুয দেৱ ব্ৰহ্ম সনাতন।
তান নাম গাওঁ আমি চিন্তোহো চৰণ॥ ১৪৪
তেহেন্তেসে পূৰ্ণ ব্ৰহ্ম জগত কাৰণ।
তাহান শকতি ভৈলা আদি নিৰঞ্জন॥
হেন শুনি নাৰদে বুলিলা আৰু বাৰ।
এখানি লক্ষণ আৰু দেখোহো তোমাৰ॥ ১৪৫