পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
বুঢ়াভাষ্য

কলিৰ সমান যুগ একো যুগ নাই৷
কলি যুগে নৰ তনু কত পুন্যে পাই॥ ১৫১
পৰম পুৰুষ যিতো সনতন হৰি৷
শূদ্ৰ কুলে জন্মিবে শঙ৷কৰ ৰূপ ধৰি॥
একান্ত ভকতি ধৰ্ম্ম কলিৰ যুগত৷
প্ৰচাৰ কৰিবে লোক হৈবেক ভকত॥ ১৫২
শূদ্ৰ বুলি বিপ্ৰ সৱে অৱজ্ঞা কৰিবে৷
অনেক যতন কৰি তাহাক নিন্দিবে॥
বাদ কৰি নপাৰিয়া আপাোনি ভাগিব৷
কতো শঙ্কৰৰ পাৱে শৰণ পশিব॥ ১৬৩
ভাঙ্গিবে লোক সৱ হুইবে একাত্তৰ৷
যাইবে শঙ্কৰৰ খ্যাতি দ্বীপ দ্বীপান্তৰ॥
ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ শূদ্ৰ চাৰি জাতি৷
শূদ্ৰৰ আচাৰ সৱে ধৰিবে সম্প্ৰতি॥ ১৫৪
কলিত কৈৱৰ্ত্ত আনো আছে যত লোক৷
ধৰ্ম্মত বিপুল মতি হুইবেক ভকত॥
ইসবে কলিত অতি গুৰু বলাইবেক৷
কলিৰ যুগৰ কথা কহিবো কতেক॥ ১৫৫
শাস্ত্ৰ পঢ়ি দ্বিজ সৱে হুইবে তেণ্ড অৰ্দ্ধ৷
কলিৰ কালত হুইবে ধৰ্ম্মত প্ৰবুদ্ধ॥
বুদ্ধি কৰি ধন লৈবে বিকিবে কন্যাক৷
বলাবে পণ্ডিত উলঙ্ঘবে বেদবাক॥ ১৫৬