এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বী ণ - ব ৰা গী
চিন্তাৰ পৰিল ওৰ,
বীণখনি মাত্ৰ লগৰ লগৰী
জীৱন সম্বল মোৰ।
দিনে বাঢ়ে যাত্ৰী যেতেকতে বাঢ়ে
তেতেকতে কলৰৱ,
শুনা হাটৰুৱা বাটৰুৱা লোক
প্ৰয়াণৰ যাত্ৰীসৱ।
হিয়াৰ মাজেদি অনন্ত সুখৰ
পৰি আছে ৰাজবাট,
মনৰ বেহানি কিনি-বিকি নই
ফুৰিম সংসাৰ হাট।
সকলোকে কওঁ সুখৰ বাতৰি
যাকে পাওঁ হাটে-বাটে,
কোন যাবি হেৰ আহ ভাইহঁত
বীণ-বৰাগীয়ে মাতে।
মহাপ্ৰয়াণৰ যাত্ৰী সবাওটি
আমাৰ কিহৰ চিন্তা?
মহান প্ৰাণৰ অধিকাৰী আমি
মুখত আনন্দ গীতা।
॥৭॥
সুখ সুখ বুলি জগৎ বলিয়া
হেৰাল পৰম সুখ,
স্বাৰ্থৰ কন্দলে জগৎ জুৰিলে
দুখ যে থাকি গ’ল দুখ।