পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


৷৷৬৷৷
এদিন পুৱাতে      উৰুলি মঙ্গল
   শুনিলোঁ যাত্ৰীৰ ৰোল,
শুনো কি নুশুনো      বুজোঁ কি নুবুজোঁ
   মহাপ্ৰয়াণৰ বোল৷
জনমৰে পৰা      শুনি আহিছিলো
   সৰগী সুখৰ কথা,
দুখিত তাপিত      মানুহে এদিন
   পাহৰিব দুখবেথা৷
সেই দিনলৈকে      মহাআয়োজন
   চিৰজীৱনৰ বেহা
সেই দিনলৈকে      জীৱন উছৰ্গা
   সেৱাৰ উপৰি সেৱা৷
সেই দিনলৈকে      আছে বাট চাই
অধীৰ পৰাণে মোৰ,
সেই দিন আজি      প্ৰাণৰ প্ৰাণত
   উশাহে উশাহে পূৰ৷
গণিতা নেচাওঁ      ভণিতা নেচাওঁ
   তালৈ সময় নাই,
সোনকালেই      বোলে শুভক্ষণ
   যাত্ৰী আগবাঢ়ি যায়৷
একে উশাহতে      লগ ললোঁ আহি