পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


প্ৰভুৰ কাষলৈ      নিনিয়ে যি সুখে
   হিয়াৰ যাতনা মাথোঁ,
হৰণ-ভগন      মাত্ৰ লাভ তাৰ
   সি দুখ সি আপদৰ হেতু।
খোৱা-কামোৰাকৈ      মৰিছে মানুহ
   পৃথিৱী যে ছাৰখাৰ,
পশুতো অধম      স্বাৰ্থত অন্ধলা
   দানৱৰো সাতচাৰ।
ৰাইজক গৰকি      বোলাই গৰাকী
   সৃষ্টি ৰাঙলী কৰি,
অতীজৰ বলী      ৰজা মহাৰজা
   গ'ল কোন বাট ধৰি?
ৰাইজৰ তেজেৰে      তিয়াই ধৰণী
   বোৱায় ৰাঙলী সোঁত,
মানুহৰ দুখ      দুৰ্দশাৰে বান্ধে
   নিৰাশ কলীয়া কোঠ।
প্ৰাণতে আছে      প্ৰাণৰ সম্বল
   দূৰত বিচাৰি ফুৰোঁ,
ভ্ৰান্তি মোহজাল      আঁতৰোৱা প্ৰভু
   মোহ-অন্তকাৰী গুৰু।
সুখশ্ৰীপ্ৰয়াসী,      প্ৰভু প্ৰণামিছোঁ
   দিয়াঁ মতি অন্তৰ্মুখী,
হিয়াৰ আনন্দ      হিয়াতে পাবলৈ
   কৰা নিষ্কলঙ্ক সুখী।