এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
বী ণ - ব ৰা গী
॥৬॥
এদিন পুৱাতে উৰুলি মঙ্গল
শুনিলোঁ যাত্ৰীৰ ৰোল,
শুনো কি নুশুনো বুজোঁ কি নুবুজোঁ
মহাপ্ৰয়াণৰ বোল৷
জনমৰে পৰা শুনি আহিছিলো
সৰগী সুখৰ কথা,
দুখিত তাপিত মানুহে এদিন
পাহৰিব দুখবেথা৷
সেই দিনলৈকে মহাআয়োজন
চিৰজীৱনৰ বেহা
সেই দিনলৈকে জীৱন উছৰ্গা
সেৱাৰ উপৰি সেৱা৷
সেই দিনলৈকে আছে বাট চাই
অধীৰ পৰাণে মোৰ,
সেই দিন আজি প্ৰাণৰ প্ৰাণত
উশাহে উশাহে পূৰ৷
গণিতা নেচাওঁ ভণিতা নেচাওঁ
তালৈ সময় নাই,
সোনকালেই বোলে শুভক্ষণ
যাত্ৰী আগবাঢ়ি যায়৷
একে উশাহতে লগ ললোঁ আহি