পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 

যোগাযোগ আৰু শিল্প উদ্যোগলৈ অভুতপূৰ্ব পৰিৱৰ্তন আনিলে, মানুহৰ দৈনন্দিন জীৱন-যাত্ৰাতো আমূল পৰিৱৰ্তন সাধিত হ’ল।

 মানৱ সভ্যতাৰ সুদীৰ্ঘ ইতিহাসৰ তুলনাত ডাক-সেৱা, টেলিফোন, টেলিগ্ৰাফ, আদিবোৰ সৌ সিদিনাৰ কথাহে যদিও এইবোৰৰ আৱিষ্কাৰৰ ফলত যোগাযোগ ব্যৱস্থালৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিল। এতিয়া আমি ঠাইতে টেলিফোনৰ ডায়েল ঘূৰাই পৃথিৱীৰ যিকোনো প্ৰান্তৰ এখন ঠাইৰ লগত কথা পাতিব পাৰো। এই যোগাযোগ ব্যৱস্থা অধিক সহজ আৰু সুলভ কৰি তুলিছে বৰ্তমানৰ কৃত্ৰিম উপগ্ৰহৰ সংযোগ ব্যৱস্থাই। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিয়ে পৃথিৱীখন ইমান ওচৰ চপাই আনিছে যে ইয়ে আমাক ঘৰতে গোটেই পৃথিৱীত ঘটি থকা ঘটনাসমূহৰ লগত চাক্ষুস পৰিচয় ঘটাইছে। টেলিভিছনৰ জৰিয়তে এই কাৰ্য সম্ভৱ হৈছে আৰু ই আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ স্মৰণীয় আৰু সম্ভৱত বিগত দশকবোৰৰ আটাইতকৈ উল্লেখযোগ্য আৱিষ্কাৰ।

 সাম্প্ৰতিক কালত মানুহৰ থকা-খোৱা, পিন্ধা-উৰা আদি প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই অভূতপূৰ্ব পৰিৱৰ্তন আনি দিছে, আন কথাত মানৱ সমাজৰ দৈনন্দিন জীৱন-যাত্ৰা আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই নিয়ন্ত্ৰণ কৰিছে। সেইদৰে বিজ্ঞানে ন ন বিস্ময়কৰ আৱিষ্কাৰ কৰিয়েই আছে, এই আৱিষ্কাৰৰ শেষ সীমা ক’ত তাক ঠাৱৰ কৰিব নোৱাৰি। মহাকাশ অভিযানৰ বিবিধ কৃত্ৰিম উপগ্ৰহ আৰু মহাকাশ কেন্দ্ৰবোৰে পৃথিৱীৰ উপৰিভাগ, অন্তৰ্ভাগ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ গুপুতে থকা বস্তুবোৰৰ বিবিধ ছবি লৈ কম্পিউটাৰেৰে সেইবোৰ বিশ্লেষণ কৰিছে। ইয়াৰ সহায়ত ক’ত কেনেধৰণৰ উদ্যোগ, কৃষিপাম আৰু কল-কাৰখানা স্থাপন কৰিব পাৰি তাৰ বাস্তৱমুখী প্ৰচেষ্টাৰ প্ৰস্তুতি চলিছে। জলবিজ্ঞানৰ দূৰসংবেদী কৌশলেৰে নদীৰ গতি আৰু বানপানীক নিয়ন্ত্ৰণ কৰাৰ উপৰি ডাৱৰৰ গতিবিধিক নিয়ন্ত্ৰণ কৰি আৱশ্যকীয় ঠাইত বৰষুণ দিয়াৰো ব্যৱস্থা আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা সম্ভৱ হৈছে।

 বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মূল উদ্দেশ্য হ’ল সকলোৰে বাবে উন্নত আৰ্থ-সামাজিক বুনিয়াদ গঢ়ি তোলা। সাম্প্ৰতিক কালৰ আধুনিক যোগাযোগৰ ব্যৱস্থা ইমানেই উন্নত যে ইয়াৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তত গৱেষণা ইত্যাদিত জড়িত হৈ থকা বিজ্ঞানীসকলৰ কৰ্মৰাজিৰ লগত যোগসূত্ৰ স্থাপন কৰিব পৰা হৈছে।

 বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই অধ্যায়ত বিষয়টোৰ থুপতে পোৱা কেইটামান বিচিত্ৰ বাতৰি আগবঢ়োৱা হৈছে। উল্লেখ নিষ্প্ৰয়োজন যে এই বিভাগটোতেই

সম্ভৱতঃ নিতৌ সৰ্বাধিক বিচিত্ৰ বাতৰি সংযোজিত হৈ আছে।


৩৬