পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আধুনিক বিজ্ঞান থাকা প্ৰযুক্তিৰ বিচিত্ৰ বতৰা
 

■ ভাৰতত প্ৰতিবছৰে যিমান গোবৰ পোৰা হয়, সিমানখিনি গোৱৰ সাৰ হিচাপে ব্যৱহাৰ কৰি প্ৰায় ২২৫ নিযুক্ত একৰ মাটিত খেতি কৰিব পাৰি আৰু তাৰ দ্বাৰা শস্যৰ উৎপাদন শতকৰা ২০ ভাগ বঢ়াব পাৰি।

■ সম্প্ৰতি আমেৰিকাত ঘণ্টাত ৯৬ কিলোমিটাৰ বেগেৰে যাব পৰা চাইকেল আৱিষ্কাৰ হৈছে। চাইকেলখনৰ নাম ভেক্টৰ (vector)। চাইকেলখনৰ ইতিমধ্যে দুটা মডেল সাজি উলিওৱা হৈছে। নাম : ভেক্টৰ ছিংগল আৰু ভেক্টৰ টেনডন। ভেক্টৰ ছিংগলখন এজনে পেডেল মাৰি চলায় আৰু ভেক্টৰ টেনডনখন একেলগে দুজনে পেডেল মাৰি চলাব পাৰে। ভেক্টৰ টেনডন নামৰখন দুজন মানুহে পিঠিয়া-পিঠিকৈ হাউলী বহি চলায়। এইখনৰ গতি আৰু বেছি। ঘণ্টাত ১৫৭ কিলোমিটাৰ। ইয়াৰ ধোঁৱা নোলায় আৰু চলিবলৈ পেট্ৰ'ল, ডিজেল, বিজুলী শক্তি, সৌৰ শক্তি, পানী আদি একোৱেই নালাগে। ভৰিৰে যিমানে পেডেল মৰা হয়, সিমানেই বেগেৰে ই চলে।
■ সম্প্ৰতি বলছ ৰয়েছ কোম্পানীয়ে 'ফ্লাইং স্পাৰ' নামৰ এখন গাড়ী নিৰ্মাণ কৰিছে। গাড়ীখনৰ দাম আমাৰ দেশত প্ৰায় ৭৫ লাখ টকা (কৰ সুকীয়া)। এইখন গাড়ীৰ কিছুমান অত্যাৱশ্যক যান্ত্ৰিক পদ্ধতিৰে চালকৰ চৰিত্ৰ অনুযায়ী কাম কৰে। পথৰ অৱস্থা বিবেচনা কৰি এইখন গাড়ীয়ে নিজে নিজেই তাৰ লগত খাপ খাই পৰে, যাতে যাত্ৰা মসৃণ আৰু আৰামদায়ক হয়। গাড়ীৰ ইঞ্জিন ষ্ট্ৰাৰ্ট কৰাৰ কেই ছেকেণ্ডমানৰ ভিতৰতেই ইয়াৰ গতিবেগ প্ৰায় ১০০ কিলোমিটাৰ হয়গৈ আৰু এইখন গাড়ী ঘণ্টাত ২২৫ কিলোমিটাৰ পৰ্যন্ত বেগত চলাব পাৰি।

■ সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰা কেইবাশও পৰ্বত প্ৰমাণ গ্ৰহখণ্ডৰ কোনোবা এটাইও যদি পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰি পোনে পোনে পৃথিৱীৰ বুকুত খুন্দা


৩৭