(8)
সেই ৰাতিৰ আত্যন্তিক উত্তেজনা, বুঢ়া কালত ৰাতি উজাগৰে থাকা, বা পুহমহীয়া জাৰৰ প্ৰকোপ, হেতুকে সভাৰ পাছ দিনাৰপৰা বুঢ়া বায়নৰ জ্বৰ-কফ হল।
তিনি দিনৰ দিনা কবিৰত্ন দেৱ বায়নৰ খবৰ কৰিবলৈ গল। “বায়ন তুমি ভাল হবা। ভয় নাই। আমাক আহা বছৰ আৰু গাই শুনাব লাগিব নহয়।”
ভয় নাই দেৱ! ভালো হম। কিন্তু অহা বছৰ ইয়াতে গাই শুনাব লাগে নে আন কোনো লোকত, তাৰে হে ঠিক নাই।”
“কিয়, তুমি চিন্তিত হইছা কিয়!”
“সমূলি নাই হোৱা দেৱ। সেই দিনাৰ বিজয় যাত্ৰাৰ পাছত মৰণৰ বাবেহে চিন্তিত হইছোঁ⸺ কেনেবাকৈ সিদিনাৰ গৌৰৱ বিয়লি যায় সেয়েহে চিন্তা! সেই গৌৰৱত মৃত্যু হে মোৰ একান্ত বাঞ্ছাৰ বিষয়।”
“আৰু তোমাৰ গীত শুনিম, বায়ন, তোমাৰ কোনো চিন্তা নাই।”
“নিশ্চয় দেৱ, আপুনিও শুনিব, ময়ো শুনাম। কিন্তু এই লোকত আৰু নহয়।”
বুঢ়া বায়নে বুঢ়া কবিৰত্নদেৱক সেৱা জনালে। বুঢ়া লোকৰ চকুৰ চুকত যদি পানীয়ে বিৰিঙে কি জানি এই দুই পুৰণি বন্ধুৰ চকুতো বিৰিঙিছিল, কোনে জানে।